• মেদেৰটাৰীৰ পৰা মাজুলীলৈ : অভিশপ্ত নৌকা, দুৰ্ভগীয়া মানুহ

    আঞ্চলিক
    মেদেৰটাৰীৰ পৰা মাজুলীলৈ : অভিশপ্ত নৌকা, দুৰ্ভগীয়া মানুহ

    ডিজিটেল ডেস্কঃ দুবাৰকৈ আধাৰশিলা স্থাপন কৰা হ’ল। কিন্তু দলঙখনহে নহ’ল। সকলোৱে আশাৰে বাট চাই ৰ’ল বোপা সৰ্বানন্দৰ মুখলৈ। নাই দলং নহ’ল! জাহাজ আৰু নাৱৰ অসুৰক্ষিত যাত্ৰাই হৈ ৰ’ল মাজুলীবাসীৰ শেষ আশা। পৰিণতিত ঘটিল কালিৰ শোকাৱহ ঘটনা। দুখন নাৱৰ মুখামুখি সংঘৰ্ষত মাজ ব্ৰহ্মপুত্ৰত হেৰাই গ’ল বহুজন। কিমান জন নিখোঁজ হৈ আছে তাৰো কোনো নিৰ্ধাৰিত তথ্য বিভাগীয় কৰ্তৃপক্ষৰ হাতত নাই। কেনে এক অব্যৱস্থাৰ মাজেৰে চলি আছে ৰাজ্যৰ নৌ পৰিবহন ব্যৱস্থা এই কথাৰ পৰাই বুজি ল’ব পাৰি। বেছিভাগ নাও বা জাহাজতে নাথাকে লাইফ জেকেটৰ ব্যৱস্থা। ন্যুনতম সুৰক্ষা ব্যৱস্থা অবিহনে ব্ৰহ্মপুত্ৰৰ ধাৰাল সোঁত কাটি আগবাঢ়ে অগনিত মানুহ প্ৰতিদিনে। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰে কেৱল ঈশ্বৰেহে।






    যি নহওঁক, অসমৰ ইতিহাসত এয়াই প্ৰথমটো শোকাৱহ নাৱ দুৰ্ঘটনা নহয়।
    সেয়া ২০১২ চনৰ এপ্ৰিল মাহৰ ৩০ তাৰিখৰ কথা। কাহিনীবোৰ একেই, মাজুলীৰ নিচিনা। কেৱল মানুহ আৰু স্থান বেলেগ। সিদিনা এখন ষ্টিমাৰ আগবাঢ়িছিল ভৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে। গন্তব্যস্থান আছিল ধুবুৰীৰ ফেৰীঘাটৰ পৰা মেদেৰটাৰীলৈ। কিন্তু নদীৰ মাজভাগ পাওঁতেই ষ্টিমাৰখন সন্মুখীন হয় প্ৰচণ্ড ধুমুহা বৰষুণৰ সৈতে। বহন ক্ষমতাতকৈ বহু বেহি মানুহ কঢ়িয়াই অনা ষ্টিমাৰখনে নিয়ন্ত্ৰণ হেৰুৱালে। কোবাল সোঁতৰ চাপ সহিব নোৱাৰি ডুবি গ’ল ষ্টিমাৰখন। ঠাইতে হেৰাই গ’ল ১০৩গৰাকী যাত্ৰী। তেওঁলোকৰ ভিতৰত আছিল বহু মহিলা আৰু শিশুও। উল্লেখ্য যে উক্ত ষ্টিমাৰখনেৰে যাত্ৰা কৰি আছিল মুঠ ৩০০গৰাকী লোকে! এই নৌকা ট্ৰেজেদিয়ে সৃষ্টি কৰিছিল দেশজোৰা চাঞ্চল্যৰ। সেইসময়ৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে শোকবাৰ্তা প্ৰেৰণ কৰিছিল ঘটনাৰ পাছতেই। সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙেও দেখুৱাইছিল বিশেষ তৎপৰতা। তৎপৰ হৈছিল তৰুণ গগৈ চৰকাৰ। কিন্তু ফলাফল আছিল শূন্য। নৌপৰিবহনৰ ক্ষেত্ৰত একেই অসাৱধানতাৰ ধাৰা অব্যাহত থাকিল। বহন ক্ষমতাতকৈ বহু গুণ বেছি মানুহ লৈ নাও আৰু জাহাজে যাত্ৰা কৰিয়েই আছে। এনে নাও অথবা জাহাজত নাই লাইফ জেকেট। তথাপি চলি আছে দলঙ নোহোৱা নিৰুপায় মানুহৰ অসুৰক্ষিত যাত্ৰা।





    ইয়াৰ পিছৰ সবাতোকৈ ভয়াবহ নৌকা দুৰ্ঘটনাটো সংঘটিত হৈছিল খোদ মহানগৰীৰ মাজ মজিয়াত। দিনাংক- ৫ ছেপ্টেম্বৰ, ২০১৮। দুপৰীয়াৰ ভাগত এখন নাৱে ৩৬ গৰাকী যাত্ৰী কঢ়িয়াই পানী কাটি আগুৱাইছিল ফাঁচী বজাৰ ফেৰী ঘাটৰপৰা উত্তৰ গুৱাহাটীলৈ। কিন্তু মাজ বাটতে নাওখনত এক যান্ত্ৰিক বিজুতি ঘটে আৰু নিয়ন্ত্ৰণহীন হৈ পৰা নাওখনে অশ্বক্লান্ত মন্দিৰৰ কাষৰ এটি শিলত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত ঠাইতে প্ৰাণ হেৰুৱায় ৩গৰাকী লোকে। সন্ধানহীন হৈ ৰয় ১১ গৰাকীকৈ লোক। ১০ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হয়। অন্য ১২ গৰাকীয়ে সাঁতুৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলৰ নেতৃত্ববহনকাৰী বিষয়াই কৈছিল, নাওখনে নীতিবহিৰ্ভূতভাৱে ১৮খনকৈ মটৰ চাইকেল কঢ়িয়াই নিছিল। মাত্ৰ ২২ গৰাকী যাত্ৰীৰহে আছিল টিকট!
    যি নহওঁক, এয়াই অসমৰ নৌ পৰিৱহনৰ বাস্তৱ। জল পৰিৱহন বিভাগৰ কোনো নিয়ন্ত্ৰণেই নাই পৰিৱহন ব্যৱস্থাটোৰ ওপৰত। আটাইবোৰ ক্ষেত্ৰতে দেখিব যে বহনক্ষমতাতকৈ বহু গুণে বেছি যাত্ৰী কঢ়িয়াইছে নাও কিম্বা জাহাজে। আকৌ সুৰক্ষাজনিত দিশটোৰ অৱস্থা সদায়ে তথৈবচ। দুখৰ কথা, এইদৰেই চলিছে নাও। এইভাৱেই চলিছে জাহাজ। আৰু প্ৰভুৰ নামত জীৱন সঁপি ভৰা নদীত নিজকে এৰি দিয়ে অসংখ্য নিৰুপায় মানুহে প্ৰতিদিনে। প্ৰভুৱে বচালে মানুহে কুশলে গৈ পাইছে ঘাট। নহ’লে মাজ নদীত হেৰুৱাইছে প্ৰাণ। কোনোবা হৈ ৰৈছে চিৰদিনলৈ নিৰুদ্দেশ।চলি আছে, এইদৰেই চলি আছে সকলোবোৰ।আৰু অঘটন ঘটিলে, ৰজাই লিখিছে শোকবাৰ্তা। যান্ত্ৰিক শোকবাৰ্তা-সমবেদনাৰ শিলেৰে সাঁকো সাজি উপায়হীন মানুহে এদিন আকৌ সকলো পাহৰি জীৱন বিচাৰি বাট বুলিছে নদীৰে!