• মোটা ধনৰ বিনিময়ত চোৰাং কয়লাৰ পথ মুকলি কৰে আৰক্ষীৰ বিষয়াই! ফাদিল তথ্য

    আঞ্চলিক
    মোটা ধনৰ বিনিময়ত চোৰাং কয়লাৰ পথ মুকলি কৰে আৰক্ষীৰ বিষয়াই! ফাদিল তথ্য

    গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং বেহা। নৈশসান্ধ্য আইনৰ সুযোগ লৈ দৈনিক অসমৰ মাজেৰে বহিঃ ৰাজ্যত সৰবৰাহ হৈ আছে মেঘালয়ৰ চোৰাং কয়লা। প্ৰাপ্ত তথ্য অনুসৰি, যোৰাবাট আৰক্ষী চকীৰ যুটীয়া আৰক্ষী উপ-পৰিদৰ্শক গণেশ বৰগোহাঁয়ে একাংশ কয়লাৰ চোৰাং ব্যৱসায়িক এক মোটা অংশৰ ধনৰ বিনিময়ত মুকলি পথ যোগান ধৰি আহিছে।





    তথ্য অনুসৰি, চোৰাং কয়লা সৰবৰাহকাৰী কাচেম আলি, পবিত্ৰ ৰাভা, গিতাৰ্থ কলিতা আৰু অমৰজ্যোতি কলিতাৰ সৈতে আৰক্ষী বিষয়াজনৰ আছে সু-সম্পৰ্ক৷ তথ্য অনুসৰি, দৈনিক নিশা হ'লে মেঘালয়ৰ পৰা যোৰাবাট হৈ বহিঃ ৰাজ্যলৈ প্ৰেৰণ হৈছে ১০ৰ পৰা ১৫ খন অবৈধ কয়লা ট্ৰাক, আৰু প্ৰতি ট্ৰাক যোৰাবাট আৰক্ষী চকী অতিক্ৰম কৰিব হ'লে আৰক্ষী বিষয়া জনক দিব লাগে ১০ হাজাৰ টকা।





    এনে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী উচ্চ পদস্ত বিষয়া তথা চৰকাৰে,সেইয়া পৰবৰ্তী সময় লক্ষণীয় হ'ব৷