• মোমায়েকক দাৰে কাটি নৈত উটুৱাই দিলে ভাগিনেকে

    আঞ্চলিক
    মোমায়েকক দাৰে কাটি নৈত উটুৱাই দিলে ভাগিনেকে

    গোলাঘাট : এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে এতিয়া গোলাঘাট জিলাৰ নুমলীগড় । মঙলবাৰে সংঘটিত হৈছিল এই লোমহৰ্ষক নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ ভাগিনীয়েক আৰু বন্ধুৱে মিলি পৰিকল্পিতভাৱে নিজ মোমায়েকক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি নদীত পেলাই দিয়ে। এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া লেতেকুবস্তিত ।





    জানিবপৰা মতে মঙলবাৰে বিয়লি অজিত তামুলী আৰু তেওঁৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সহিতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টি কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা । মঙলবাৰে পাৰ্টি কৰিবলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত অজিত তামুলী । বহু বিচাৰিও পোৱা নাছিল অজিত তামুলীক ।বৃহস্পতিবাৰে দৈগ্ৰোঙ নদীত বালি শিল সংগ্ৰহ কৰিবলৈ যোৱা লোকে এটা মাংস টুকুৰা পানীত ওপঙি থকা দেখা পাই।





    আৰু তাৰ পাছতেই আৰক্ষীক খবৰ দিয়ে ।উক্ত ঘটনাৰ পাছৰেপৰা পলাতক হত্যাকাৰী ভাগিনীয়েক মিনেশ্বৰ বৰা আৰু বন্ধু জ্যোতি দাস। ইতিমধ্যে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে আৰু বগীজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।