Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
গুৱাহাটী : বিধানসভাত মৌখিক ভোটত গৃহীত হ'ল গো-সুৰক্ষা বিধেয়ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আইনখন সন্দৰ্ভত কয় যে, ১৯৫০ত গোপীনাথ বৰদলৈয়ে অনা গো সুৰক্ষা বিলখনত উল্লেখ আছিল যে ১৪ বছৰলৈকে গৰুক বধ নকৰিব। আৰু আমি কৈছোঁ যে ১৪ বছৰৰ পাছতো গৰু বধ নকৰিব। বিলখনতো কংগ্ৰেছৰ দিনতেই অনা হৈছিল, মাত্ৰ গৃহীত হোৱাহে নাছিল।
কেইবাঘণ্টীয়া বিতৰ্কৰ অন্তত গৃহীত হয় হয় এই বিধেয়কখন৷ বিধেয়কখন গৃহীত কৰাৰ সময়তে বিৰোধীয়ে সদন ত্যাগ কৰে। এই আইন অনুসৰি ধৰ্মীয় স্থানৰ সমীপত গো-মাংসৰ বিক্ৰী নিষিদ্ধ হ’ব। সত্ৰ, মন্দিৰ, নামঘৰৰ ৫ কিঃমিঃ পৰ্যন্ত গো-মাংস নিষিদ্ধ। হিন্দু, শিখ, জৈন বসতিপ্ৰধান অঞ্চলত গো-মাংস নিষিদ্ধ। গাই গৰু জন্মৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। ১৪ বছৰৰ তলৰ গৰুৰ বিক্ৰী, হত্যা নিষিদ্ধ। চৰকাৰে বিতৰণ কৰিব ২ লাখ শুক্ৰাণু।
মুখ্যমন্ত্ৰী শৰ্মাই গো সুৰক্ষা বিলখন পাছ কৰাৰ ক্ষেত্ৰত মুছলমান বিধায়কসকল উদাৰ হ'বলৈ অনুৰোধ জনায়৷ লগতে তেওঁ কয় পূৰ্বৰ বিধেয়কখনত মাত্ৰ ৩ টা সংশোধনীহে অনা হৈছে৷
Leave A Comment