• ম্যাদ উকলা সামগ্ৰী বিক্ৰী একাংশ অসাধু ব্যৱসায়ীৰ!

    আঞ্চলিক
    ম্যাদ উকলা সামগ্ৰী বিক্ৰী একাংশ অসাধু ব্যৱসায়ীৰ!

    লামডিং: ৰাজ্যত সান্ধ্যআইন তথা লকডাউনৰ সুযোগ লৈ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে। লামডিং বজাৰৰ একাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে লামডিঙৰ ক্ষুদ্ৰ ব্যৱসায়ীক ম্যাদ উকলি যোৱা তথা এমআৰপি নথকা সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।





    এই তথ্য পোহৰলৈ অহাৰ পাছতে চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সাধাৰণ গ্ৰাহকসকল। এনে অবৈধভাৱে বজাৰত সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।





    তদুপৰি লামডিঙৰ বজাৰত কোন ব্যৱসায়ীয়ে এনে সামগ্ৰী বিক্ৰী কৰিছে বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই খাদ্য সুৰক্ষা বিভাগ বা যোগান বিভাগে।