• মৰমীয়ে মৰম বিলালে বহুতকে! প্ৰেমিকাক হত্যা কৰি সঞ্জয়ৰ স্বীকাৰোক্তি

    আঞ্চলিক
    মৰমীয়ে মৰম বিলালে বহুতকে! প্ৰেমিকাক হত্যা কৰি সঞ্জয়ৰ স্বীকাৰোক্তি

    ডিজিটেল ডেস্ক : প্ৰেমত কৰা প্ৰতাৰণাৰ পাছতে প্ৰেমিকে ধাৰণ কৰিলে হত্যাকাৰীৰ ৰূপ৷ প্ৰেমিকাক মাজৰাস্তাত ঘপিয়াই হত্যা কৰা প্ৰেমিকে স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কাৰণ৷ কেইবাজনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই প্ৰেমিকা মৰমী তাঁতীক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক সঞ্জয় লালুঙে। সাংবাদিকৰ কেমেৰাৰ আগত এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে হত্যাকাৰী সঞ্জয় লালুঙে।





    পূৰ্বৰ পৰিকল্পনা অনুসৰি সঞ্জয়ে ঘৰৰ পৰা দা আনি প্ৰেমিকা মৰমী তাঁতীক হত্যা কৰিছিল। হত্যা কৰি মৃতদেহটো গাড়ীত উঠাই কোনো স্থানত লুকুৱাই থোৱাৰ পৰিকল্পনা কৰিছিল সঞ্জয় লালুঙে। কিন্তু বাহনখনৰ তেল শেষ হোৱাত আধা বাটতে গাড়ীখন এৰি পলায়ন কৰিছিল সঞ্জয়ে। পূৰ্বতে একাধিকবাৰ প্ৰেমিকা মৰমীক আন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰিবৰ বাবে সকীয়াই দিছিল প্ৰেমিক সঞ্জয়ে। কিন্তু আন যুৱকৰ লগত প্ৰেমৰ সম্পর্ক বিচ্ছেদ নকৰাৰ বাবেই দাৰে ঘপিয়াই প্ৰেমিকা মৰমীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে আৰক্ষী তথা সাংবাদিকৰ সন্মুখত৷





    উল্লেখ্য যে, মহানগৰী আমছিং যোৰাবাটৰ দহ মাইলৰ বাসিন্দা মৰমী তাঁতীয়ে মাতৃক লগত লৈ সাতগাঁৱত বজাৰ কৰিবলৈ যোৱাৰ পথতে বাহন ৰখাই সঞ্জয়ে মৰমীক নমাই আনি দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল। হত্যাৰ পাছতে সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত সঞ্জয়ক মাৰাথন জেৰা চলাই আছে।