Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
মৰিয়নি : মৰিয়নিত হাবিৰ মাজত উদ্ধাৰ গুলীবিদ্ধ যুৱকৰ মৃতদেহ৷ শনিবাৰে নিশা উদ্ধাৰ হয় মৃতদেহটো। জানিব পৰা মতে, মৃত যুৱকজন ১৫ বছৰীয়া উত্তম ফুলমালী৷ নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ ১৫ বছৰীয়া উত্তমৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। আনহাতে উত্তমৰ পিঠিৰ বাওঁফালে লগা গুলীৰ চিনটো খজা বন্দুকৰ বুলি সন্দেহ কৰিছে মৰিয়নি আৰক্ষীয়ে।
আৰু পঢ়িব পাৰিব : দেশৰ দুটাকৈ ক’ভিড প্ৰতিষেধকৰ প্ৰয়োগত অনুমোদন ডিচিজিআইৰ
আনহাতে কোনে কি পৰিস্থিতিত উত্তমক গুলীয়ালে তাক লৈ ৰহস্য সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে দেওবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস, চক্ৰ বিষয়া ৰাজেন বৰা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা নেতৃত্বত চলোৱা এক অভিযানত উত্তম ফুলমালীৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ পৰা নাতিদূৰৈত অভিযান চলাই উদ্ধাৰ কৰে হস্তনিৰ্মিত এটা দীঘল খজা বন্দুক।
আৰু পঢ়িব পাৰিব : পেছাত হকাৰ, অৰ্হতা পিএইচডি : সংগ্ৰামৰপৰা সফলতালৈ নুৰ মহম্মদৰ কাহিনী
এই বন্দুকটোৰে কোনো দুৰ্বৃত্তই উত্তমক গুলীওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে উত্তমৰ হত্যাৰ লগত বন্য জীৱ আৰু পক্ষী চিকাৰ কৰা চিকাৰী জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
Leave A Comment