Regional
মৰিয়নিঃ আজি মৰিয়নিৰ চাহ বাগিচাত অনুষ্ঠিত এক সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। মন্ত্ৰীজনৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, মন্ত্ৰী যোগেন মোহন, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতা।
ইয়াৰ পূৰ্বে কাঠকটীয়াৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীজনক আদৰি অনা হয়। ৰে’লৱে ইনষ্টিটিউটত অনুষ্ঠিত হোৱা প্ৰাক্তন বিধায়ক অলক ঘোষৰ স্মৃতিচাৰণ সভাতো কেন্দ্ৰীয় মন্ত্ৰীজনে অংশ লয়।
‘ঢেকীয়াখোৱা বৰ নামঘৰ’ত অনুষ্ঠিত হোৱা পালনামৰ বিশেষ আহাৰ গ্ৰহণ কৰিলে সৰ্বানন্দ সোণোৱাল, সঞ্জয় কৃষাণ, ৰামেশ্বৰ তেলী, হিতেন গোস্বামী, যোগেন মোহন আৰু ৰেণুপমা ৰাজখোৱাই।
Leave A Comment