• মৰিয়াই মাৰিলে ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকক! যোৰহাটত চাঞ্চল্য

    আঞ্চলিক
    মৰিয়াই মাৰিলে ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকক! যোৰহাটত চাঞ্চল্য

    যোৰহাট : সমাজৰ একাংশ লোকৰ হিসাংত্মক মানসিকতা এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে৷ সাধাৰণ কথাতে হাতত আইন তুলি লোৱাৰ প্ৰৱণতাই বৃদ্ধি কৰিছে অপৰাধ৷ আজি একাংশ লোকৰ হাতত অকালতে প্ৰাণ হেৰুৱালে এজন যুৱকে৷ যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হৈ পাছলৈ মৃত্যুক সাবটি লয় অনিমেষ ভূঞা নামৰ যুৱকজনে৷






    জানিব পৰা মতে, কেইজনমান যুৱকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল অনিমেষক৷ ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।





    মৃত যুৱকজন সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আছিল বুলি জানিব পৰা গৈছে৷ কি কথাৰ পৰা এই ঘটনাৰ সূত্ৰপাত ঘটিল সেয়া এতিয়ালৈ জানিব পৰা নাই৷