Regional
ডিমা হাছাও: পুনৰ ডিমা হাছাও উত্তপ্ত হ'ল উগ্ৰপন্থীৰ গুলিচালনাত । ডিমাহাছাওৰ উমৰাংচুত DNLA উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ নিশা প্ৰায় ৮.৩০ বজাত ডিমাহাচাওৰ দৈয়াংমুখ আৰক্ষী থানাৰ পৰা ৫ কিল'মিটাৰ নিলগৰ ৰেঞ্জাৰবিলত সংঘটিত কৰে এই ভয়াবহ আক্ৰমণ ।
উগ্ৰপন্থীয়ে ট্ৰাকৰ ওপৰত চলোৱা গুলিচালনা আৰু অগ্নিসংযোগত ৫ জনকৈ ট্ৰাকৰ চালকৰ মৃত্যু হোৱাৰ লগতে ৫ খনকৈ ট্ৰাকো জ্বলাই দিয়ে । উগ্ৰপন্থীৰ আক্ৰমনৰ সন্মুখীন হবলগীয়া হ'ল এখন কয়লা সৰবৰাহ ভৰ্তি ট্ৰাকৰ লগতে লংকাৰ ডালমিয়া কোম্পানীৰ কয়লা-ক্লিংকাৰ কঢ়িওৱা ট্ৰাক ।
জানিব পৰা মতে, ট্ৰাকসমূহ ডিমাহাছাওৰ ওমৰাংচুৰ পৰা আহিছিল । আক্ৰমনৰ সময়ত নৃশংসতাৰ পৰিচয় দি গুলি চালনা কৰাৰ লগতে ট্ৰাকৰ ভিতৰত চালকসকলক আৱদ্ধ কৰি জ্বলাই দিয়ে ট্ৰাকসমূহ ।
Leave A Comment