জোনাই : জোনাইৰ দাৰীয়া চাপৰিত দহ দিনে চিয়াং নদীৰ বানত আবদ্ধ হৈ থকা অসম বিখ্যাত ৫ টা বনৰীয়া ঘোঁৰাৰ ভিতৰত ৩ টা ঘোঁৰাৰ মৃত্যু হৈছে। বানৰ মাজত আবদ্ধ হৈ থকা বনৰীয়া ঘোঁৰাবোৰ খাদ্য আৰু বাসস্থানৰ অভাৱত ভোগাৰ বাবে ৩ টা বনৰীয়া ঘোঁৰাৰ মৃত্যু হোৱাৰ লগতে বাকী ২ টা ঘোঁৰাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। ইফালে এই সন্দৰ্ভত একাংশ সাংবাদিকে জোনাই বন বিভাগক উদ্ধাৰৰ বাবে আহ্বান জনাই যদিও বন বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াত দেওবাৰে মিচিং স্বায়স্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং,জোনাইৰ ডিৱাইৰ সাংবাদিক দেবেন টায়ুং আৰু প্ৰাগ নিউজৰ সাংবাদিক প্রাঞ্জিত দলেৰ নেতৃত্বত পশু চিকিৎসকক লগত লৈ আৰু এছ.ডি.আৰ.এফ বাহিনীৰ সহযোগত প্ৰৱল চিয়াং নদীৰ সোঁতক নেওচি দাৰীয়া চাপৰিত আবদ্ধ হৈ থকা ২ টা বনৰীয়া ঘোঁৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ কৰা ২ টা বনৰীয়া ঘোঁৰাও অতি দুৰ্বল হৈ আহিছিল খাদ্য আৰু বাসস্থানৰ অভাৱত।বনৰীয়া ঘোঁৰাবোৰক উদ্ধাৰ কৰি পশু চিকিৎসকে প্রাথমিক চিকিৎসা প্রদান কৰাৰ পাছতে এছ.ডি.আৰ.এফ বাহিনীৰ ৰবৰ বুতেৰে আনেগৈ জোনাইলৈ। উল্লেখ্য যে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ঘোঁৰা বোৰে বহু বছৰ ধৰি আছিল এই দাৰীয়া চাপৰিত।
তেনে দৰে এতিয়া জোনাইৰ বহু কেইখন চৰ্চাপৰিত আবদ্ধ হৈ আছে শ শ বনৰীয়া ঘোঁৰা। ইফালে দুটা বনৰীয়া ঘোঁৰা উদ্ধাৰ কৰাৰ পাছতে জোনাই বন বিভাগক চমজাই দিয়ে যদিও জোনাই বন বিভাগে চমজি নোলোৱাত বৰ্তমান দুইটা বনৰীয়া ঘোঁৰাকে জোনাইৰ এছড়িআৰ.এফ তথা অগ্নি নির্বাপক বাহিনীৰ এছ.অ প্রশন্ত পেগুৰ অধীনত বিভাগটোৰ কাৰ্যালয় চৌহদতে ৰখা হৈছে নিৰাপদে। ইফালে ঘোঁৰা দুটাক খাদ্য আৰু চিকিৎসা প্রদান কৰি ৰখা বুলি জানিব পৰা গৈছে।
Leave A Comment