National
ডিব্ৰুগড় : ক’ভিড বিধিৰ নামত সাধাৰণ মানুহে নানা দুৰ্ভোগ ভুগিছে বিগত সময়ছোৱাত। দোকান-বজাৰ বন্ধ। ঘৰৰ বাহিৰলৈ ওলোৱা নিষেধ। লঘু দোষতে বহুতে ভুগিছে গুৰু শাস্তি। মাস্ক, ছেনিটাইজাৰ, শাৰীৰিক-সামাজিক দূৰত্ব সকলো নীতি মানি জুখি-মাখি খোজ দি চলিছে সাধাৰণ লোকে। কিন্তু আমাৰ সমাজৰে একাংশ লোকৰ বাবে এই সকলো নীতি যেন অৰ্থহীন। ক্ষমতাসীন দলৰ সদস্য বা অনুৰাগী হোৱা বাবেই একো নিয়ম নীতিয়ে যেন ঢুকি নাপাই এইসকল লোকক। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপনৰ নামত একাংশ বিজেপি নেতা-কৰ্মীৰ কাৰ্যই বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিনৰ কুৰিদিনীয়া উদযাপন উপলক্ষে ‘সেৱা আৰু সমৰ্পন অভিযান’ৰ লগত সংগতি ৰাখি যোৱা ২০ আৰু ২১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত অনুষ্ঠিত হৈছে ‘নৱ ভাৰত মেলা’। স্বাস্থ্য বিভাগে জাৰি কৰা ক'ভিডৰ নীতি-নিয়ম খোদ শাসনাধীষ্ঠ বিজেপি দলেই ভংগ কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা টিংখাং আৰু লেঙেৰী মণ্ডল যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত হোৱা নৱ ভাৰত মেলাৰ দুয়োটা দিনাই অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী। প্ৰথম দিনা কণ্ঠশিল্পী ৰিদিপ ৰংকিট আৰু মাধবৰঞ্জনে আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে গীত পৰিৱেশন কৰে। এই দুয়োটা দিনৰ সাংস্কৃতিক কাৰ্যসূচীত সহস্ৰাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। ইয়াকে কেন্দ্ৰ কৰি এতিয়া টিংখাঙৰ বিভিন্ন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিসময়ত ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা প্ৰণয়ন কৰিছে তেনে সময়তে ক'ভিড বিধি উলংঘা কৰি টিংখাঙত আয়োজন কৰা নৱ ভাৰত মেলাক লৈ টিংখাঙৰ বিভিন্ন দল-সংগঠনে চৰকাৰ-প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে।
মন কৰিবলগীয়া যে, ক’ভিড বিধি মানিয়েই বন্ধ কৰি ৰাখিবলগীয়া হৈছে চিনেমা হলসমূহ। এইসমূহ খোলাৰ অনুমতি বিচাৰি ইতিমধ্যে বহুবাৰ চিনেমা হলৰ মালিক তথা কৰ্মচাৰীয়ে চৰকাৰক অনুৰোধ জনাই আহিছে৷ তদুপৰি বিদ্যালয়সমূহৰ পাঠদানো ক’ভিড পৰিস্থিতিৰ বাবে নিয়মীয়া হোৱা নাই৷ তেনেস্থলত কিদৰে প্ৰধানমন্ত্ৰীৰ জন্মদিনত হাজাৰ হাজাৰ লোকৰ সমাগম হ’বলৈ পালে বা তেনে অনুষ্ঠান পাতিবলৈ কিদৰে অনুমতি লাভ কৰিলে সেয়া লক্ষ্যণীয়বিষয় হৈ পৰিছে৷ এতিয়া প্ৰশ্ন হৈছে, সাধাৰণ জনতাৰ বাবেহে কেৱল প্ৰযোজ্য হয় নেকি ক’ভিড বিধি? ৰজাঘৰীয়াই এইবিধি উলংঘনত বাধা প্ৰদানৰ পৰিৱৰ্তে সুৰক্ষাহে নিশ্চিত কৰে নেকি শাসকীয় দলে?
Leave A Comment