North East
নতুন দিল্লীঃ চিন্তা নকৰাকৈ সিদ্ধান্ত ল’লে জীৱনৰ সকলো ক্ষেত্ৰতে যমৰ-যাতনা ভুগিব লগা হয়। ক্ৰিকেটো ব্যতিক্ৰম নহয়। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ক্ৰিছ মৰিছে বাতৰিৰ শিৰোনাম দখল কৰিছে। বিগত বৰ্ষত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈগৰাকীক অভিলেখ মূল্যত বাছনি কৰিছিল ৰাজস্থানে। এতিয়া অনুশোচনাত দগ্ধ ৰাজস্থান ৰয়েলছ! দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছক চতুৰ্দশ আইপিএলৰ নিলামত এক অবিশ্বাস্য মূল্যত ক্ৰয় কৰা হৈছিল। ১৬ কোটি টকাত নিলাম হোৱা মৰিছে কিন্তু দলৰ বাবে একো কৰিব নোৱাৰিলে। বুধবাৰে আৰৱ আমিৰাত চলি থকা আই পি এলৰ দ্বিতীয় পৰ্যায়ত ৰয়েল চেলেঞ্জাৰ্ছে বাংগালুৰুৰ বিৰুদ্ধে ৪ অ’ভাৰত ৫০ ৰান ব্যয় কৰিছিল মৰিছে।
ৰাজস্থানৰ হৈ মৰিছে এতিয়ালৈকে লাভ কৰিছে ১৪ টা উইকেট। কিন্তু বেটেৰে উজলি উঠিব পৰা নাই মৰিছ। ১০ খন খেলৰ ৬ টা ইনিংছত মাত্ৰ ৬৭ ৰানহে সংগ্ৰহ কৰিছে। খেলুৱৈগৰাকীৰ শোচনীয় প্ৰদৰ্শনত ক্ষুদ্ধ হৈ পৰিছে দলীয় কৰ্তৃপক্ষ। প্ৰত্যাশা অনুযায়ী প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰাৰ বাবে হতাশা হৈছে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক কুমাৰ সঙ্গাকাৰা। তেওঁ কয়, ‘আইপিএলৰ প্ৰথম সংস্কৰণত মৰিছৰ প্ৰদৰ্শন যথেষ্ট ভাল আছিল। কিন্তু শেহতীয়া প্ৰদৰ্শনে আমাক হতাশ কৰিছে। বাংগালুৰুৰ বিৰুদ্ধে ৪ অভাৰত ৫০ ৰান ব্যয় কৰিছে। মৰিছৰ অন্তিম অ’ভাৰটো আছিল টাৰ্ণিং পইণ্ট। তাতেই আমি খেলখনৰ পৰা বাহিৰ হৈ গৈছিলো। আমি ইচ্ছাকৃতভাৱে পৰৱৰ্তী খেলখনত একাদশৰ ব্যৱস্থা কৰিম। প্ৰতিদ্বন্দ্বিৰ শক্তিৰ কথা বিবেচনা কৰি ক্ৰিকেটাৰসকলক একাদশত ৰখা হ'ব।’ মৰিছে দলটোৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰে বুলি কুমাৰ ছাংগাকাৰাই স্পষ্ট কৰি দিছে।
Leave A Comment