• যাদৱ পায়েংঃ অৰণ্য সৃষ্টি কৰা সেউজীয়া মানুহজন

    আঞ্চলিক
    যাদৱ পায়েংঃ অৰণ্য সৃষ্টি কৰা সেউজীয়া মানুহজন

    যাদৱ পায়েং…সেউজীয়া মানুহজন। তেওঁ ইমানেই বেছি সেউজীয়া যে সমাজকো তেওঁ সেউজ কৰি ৰাখিছে। নিজ দুহাতেৰে তেওঁ এখন অৰণ্য গঢ়ি সমগ্ৰ বিশ্বকে চকুত চমক দিলে। অবিশ্বাস্য…অসাধাৰণ কৰ্মৰে তেওঁ সকলোকে আচম্বিত কৰি দিলে। কি শক্তি আছে তেওঁৰ….কেনেকৈ সম্ভৱ কৰিলে এই অসম্ভৱ কৰ্ম! যাদৱ পায়েঙৰ এটাই শক্তি, সেয়া হল প্ৰকৃতিৰ তেওঁ দুৰ্দান্ত প্ৰেমিক। সেই প্ৰেম শক্তিৰে তেওঁ অসাধ্য সাধন কৰিলে। কথাতেই কয় নহয় প্ৰেমৰ সমান শক্তি নাই। যাদৱ পায়েং নিজ অঞ্চলত মুলাই নামেৰে পৰিচিত। অল্পশিক্ষিত মুলাই উলা-মুলা নহয় সেয়া তেওঁ নিজ কৰ্মৰে বিশ্বকে দেখুৱাই দিলে। ১৯৬৩ চনত অসমৰ যোৰহাটৰ ককিলামুখত যাদৱ পায়েঙে জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলি পায়েং।





    যোৰহাটৰ যাদৱ পায়েঙক এতিয়া সমগ্ৰ বিশ্বই জানে ‘ভাৰতৰ অৰণ্য মানৱ’ নামেৰে। ১৯৭৯ চনৰ কথা৷ তেতিয়া যাদৱ পায়েঙৰ বয়স আছিল ১৬ বছৰ৷ কিশোৰ যাদৱে এদিনাখন ককিলামুখৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ ঔনামুখ চাপৰিৰ এটা দৃশ্য দেখি ব্যথিত হ’ল। তেওঁ দেখিছিল পানী শুকাই যোৱাৰ পাছত চাপৰিটোত থকা সাপ, বেং, ভেকুলী আদি প্ৰাণী ৰ’দৰ প্ৰখৰ তাপত ডেই পুৰি মৰিছে৷ সেই দৃশ্য দেখি যাদৱৰ কোমল অন্তৰখনে উচুপি উঠিছিল। এই শোকাৱহ দৃশ্য দেখি বালিচাপৰিটোতে বহি তেওঁ উচুপি উঠিছিল৷ গাঁৱলৈ আহি তেওঁ গাঁৱৰ মানুহৰ লগত আলোচনা কৰি বন বিভাগক কথাটো অৱগত কৰি কয় যে সেই বালিচাপৰিত কিবা কৰা উচিত। কিন্তু সকলোৱে কৈছিল যে তাত কোনো গছৰ বৃদ্ধি সম্ভৱ নহয়৷ গতিকে তাত বাঁহ গছ ৰোপণ কৰিব লাগে৷





    প্ৰাণী আৰু প্ৰকৃতিৰ প্ৰেমিক যাদৱে সেইবাৰ তাত ২০জোপা বাঁহৰ গোঁজ ৰোপণ কৰিলে৷ ১৯৮০ চনত গোলাঘাটৰ সামাজিক বনানীকৰণ বিভাগে ঔনামুখ চাপৰিত বনানীকৰণৰ এখন আঁচনি হাতত ল’লে৷ শ্ৰমিক হিচাপে বহু লোক সেই কাৰ্যৰ সৈতে জড়িত হৈ পৰিল৷ যাদৱ পায়েঙো তাৰ এজন শ্ৰমিক হিচাপে জড়িত হৈ পৰিল৷ কিন্তু এই চৰকাৰী কাম পাঁচ বছৰৰ পিচত বন্ধ হ’ল৷ আন সকলো শ্ৰমিকে কাম এৰিলে৷ কিন্তু এৰি দিয়া ভকত নাছিল যাদৱ পায়েং। তেওঁৰ কল্পনাত অনবৰতে নাচি আছিল এখন লহপহীয়া সেউজ অৰণ্যই। চৰকাৰে ৰুই থৈ যোৱা ২০০ হেক্টৰ ভূমিৰ গছপুলিৰ অকলে ৰখীয়া হৈ থাকিল যাদৱ পায়েং৷ এই গছপুলিখিনিৰ প্ৰতিপালন কৰাৰ উপৰিও তেওঁ নিজেও ৰোপণ কৰিলে ভিন্ন গছৰ পুলি। প্ৰতিটো গছপুলিয়েই আছিল তেওঁৰ সন্তানৰ দৰে। নিজ সন্তানৰ দৰে তুলি-তালি, আপডাল, প্ৰতিপাল কৰি গছপুলিবোৰক তেওঁ বৃদ্ধি হোৱাত সহায় কৰিলে। এনেদৰে গঢ়ি উঠিল ১,৩৬০ একৰজোৰা এখন বিশাল অৰণ্য৷ যাদৱ পায়েঙৰ ঘৰুৱা নামেৰে সেই অৰণ্যখনৰ নাম হৈ পৰিল মোলাই কাঠনি৷ বৰ্তমান মোলাই কাঠনিত কেৱল গছেই নাই৷ এই অৰণ্য বাঘ, গঁড়, হৰিণ, শহাপহু, হাতী আৰু বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ বাসস্থান৷ শিমলু, মজ, এজাৰ, অৰ্জুন, গন্ধসৰৈ, চন্দন, কৰৈ আদি হাজাৰ হাজাৰ গছেৰে ভৰি আছে মোলাই কাঠনি৷





    এই নীৰৱ অৰণ্যখনৰ কথা পোহৰলৈ আহে ২০০৮ চনত৷ ২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ অৰ্থাৎ(Forest Man Of India) উপাধি প্ৰদান কৰে। ২০১২ চনৰ উইলিয়াম ডগলাছ মেকমাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে তেখেতৰ কৰ্মৰ আধাৰত (Forest Man) নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তেখেতেৰ এই মহান কাৰ্যৰ বাবে ভাৰত চৰকাৰে তেখেতৰ ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। ২০১৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে।





    অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকী নাম। নিজৰ সমগ্ৰ জীৱন বন্যজীৱৰ হকে উছৰ্গা কৰা নিঃস্বাৰ্থ প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙক লৈ প্ৰথমে তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল যোৰহাটৰ জিতু কলিতাই ২০১২ চনত৷ উক্ত তথ্যচিত্ৰখন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা হৈছিল৷ ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসৰ দিনা ভাৰতৰ সৰ্বাধিক প্ৰচলিত আৰু অন্যতম শক্তিশালী বাতৰিকাকত The Hindu–এ কাকতখনৰ প্ৰথম পৃষ্ঠাত যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মক লৈ সৃষ্টি কৰা এক অনন্য শিল্প কৰ্মক স্থান দিছিল৷ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন দল-সংগঠনে যাদৱ পায়েঙক উচিত সন্মান যঁচাৰ উপৰিও অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসে যাদৱ পায়েঙলৈ আগবঢ়াইছে সন্মানীয় ফেল’শ্বিপ৷





    যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত পীয়ূষ পাণ্ডেৰ ‘যাদৱ মোলাই পায়েং’ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত হৈছে। ২০১৩ চনৰ অক্টোবৰত তেওঁক Indian Institue of Forest Management -এ তেওঁলোকৰ বাৰ্ষিক অধিৱেশনত সন্মানিত কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে যাদৱ পায়েঙক৷ ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত, ২০১৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত “পেৰিছ জলবায়ু সন্মীলন”তো বক্তৃতা প্ৰদানৰ বাবে পায়েং নিমন্ত্ৰিত হৈছিল। তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যে দেশৰ বিভিন্ন ঠাইলৈ গছপুলি ৰুবলৈয়ো নিমন্ত্ৰণ জনোৱা হয়।





    হলীউডৰ বিখ্যাত টাইটেনিক চিনেমাৰ নায়ক তথা অস্কাৰ বিজয়ী লিঅ’নাৰ্ডো ডি-কেপ্ৰিঅ’ই তেওঁৰ ফেইচবুক পে’জত যাদৱ পায়েঙৰ কৰ্ম তথা জীৱন-কাহিনী সম্পৰ্কীয় এখনি তথ্যচিত্ৰৰ লিংক শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বকে জনাইছিল এইজন অক্লান্ত পৰিৱেশ কৰ্মীৰ কথা। যাদৱ পায়েঙৰ এই প্ৰকৃতি সাধনাৰ কাহিনী মহাৰাষ্ট্ৰ চৰকাৰে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে ৷ আমেৰিকাৰ পাঠক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছে যাদৱ পাঙেৰ জীৱন কাহিনী৷মেক্সিকোত গছ ৰোপণ কৰিবলৈ ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰিছে। এটা বালিচৰৰ পৰা বিশ্বমুখী যাত্ৰা কৰা এইগৰাকী অসম সন্তানক লৈ গৌৰৱবোধ কৰে প্ৰতিজন অসমীয়া তথা ভাৰতীয়ই। শূন্যৰ পৰা আৰম্ভ কৰিও কোনো কামত অহৰহ ব্ৰতী থাকিলে যে এটা সময়ত শিখৰত আৰোহণ কৰিব পাৰি তাৰেই জলন্ত উদাহৰণ যাদৱ পায়েং।





    -কস্তুৰী বৰঠাকুৰ





    আৰু পঢ়কঃ দৰিদ্ৰ ৰাণী কেনেকৈ হ’ল হকী সাম্ৰাজ্যৰ ৰাণী? পঢ়ক এক সংগ্ৰামী কাহিনী