Regional
চিৰাং : যাৱজ্জীৱন কাৰাদণ্ডৰ দণ্ডিত এনডিএফবিৰ কাৰাৰুদ্ধ নেতা ৰঞ্জন দৈমাৰীৰ বাবে বিশেষ ব্যৱস্থা৷ কেইদিনমানৰ পাছতে দৈমাৰীক লৈ অহা হ’ব চিৰাং জিলাৰ সদৰ কাজলগাঁও বড়োলেণ্ড গেষ্ট হাউছত নিৰ্মিত অস্থায়ী কাৰাগাৰত। ২০০৮ চনৰ ৩০ অক্টোবৰত ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত হৈছিল এনডিএফবিৰ দুৰ্ধৰ্ষ নেতা ৰঞ্জন দৈমাৰী।
সম্প্ৰতি ব্যাপক তৎপৰতাৰে আৰম্ভ কৰিছে এন দি এফ বিৰ নেতাগৰাকীক ৰখা বড়োলেণ্ড গেষ্ট হাউছৰ অস্থায়ী কোঠা নিৰ্মাণৰ কাম। প্ৰায় চল্লিছ-পঞ্চাশ গৰাকী শ্ৰমিকে দিনে-নিশাই কৰি গৈছে কোঠা নিৰ্মাণৰ লগতে গেষ্ট হাউছৰ চাৰিসীমা নিৰ্মাণৰ কাম।
উল্লেখ যে, সাতদিনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল অসম চৰকাৰে। কাৰাৰুদ্ধ নেতাগৰাকীৰ মুক্তিৰ সন্দৰ্ভত জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই 'আইনী প্ৰক্ৰিয়াত তৰ্ক কৰি লাভ নাই বুলি উল্লেখ কৰি কোনোবাই ইচ্ছা কৰিলেই আইনী প্ৰক্ৰিয়াত জাম কৰিব নোৱাৰে' বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
Leave A Comment