• যুৱতীৰ সৈতে অসংযত অৱস্থাত দেখি শোধাইছিল চৰ, ছুৰীকাঘাতেৰে প্ৰাণ ল’লে চৰ খোৱা যুৱকে

    আঞ্চলিক
    যুৱতীৰ সৈতে অসংযত অৱস্থাত দেখি শোধাইছিল চৰ, ছুৰীকাঘাতেৰে প্ৰাণ ল’লে চৰ খোৱা যুৱকে

    ডিজিটেল ডেস্ক : এনে শিহৰণকাৰী প্ৰতিশোধৰ কাহিনী হিন্দী ছবিজগততো সুলভ নহয়। এটা মাত্ৰ চৰ শোধোৱাৰ বাবেই কোনো লোকে প্ৰতিশোধ ল’বলৈ কাৰোবাক হত্যা কৰিব পাৰেনে? কাৰোবাৰ বিৰুদ্ধে পোটক তোলাৰ তাড়না ইমান নিৰ্মম হ’ব পাৰেনে? এনে এক ঘটনাই সংঘটিত হৈছে ৰাজ্যত। ক্ৰাইম থ্ৰিলাৰৰ কাহিনীৰ দৰেই অতি নিৰ্মমভাৱে এজন যুৱকক ৰে’ল ষ্টেচনত ছুৰীৰে হানি খুচি হত্যা কৰি লোৱা হ’ল প্ৰতিশোধ। এই ঘটনা সংঘটিত হৈছে চিচিবৰগাঁৱত। কিন্তু কিহৰ বাবে এই নৃশংস ঘটনা সংঘটিত হ’ল? কিহৰ পোটক তুলিবলৈ কৰা হ’ল এই নৃশংস হত্যা?






    ঘটনাৰ বিৱৰণী অনুসৰি নতুন চিচিবৰগাঁও ৰে’ল ষ্টেচনত ৰখাই থোৱা এখন ৰে’লত সোনমণি চেতিয়া(১৯) নামৰ যুৱক এজনে প্ৰেয়সীৰ সৈতে অসংযত অৱস্থাত থকা স্থানীয় যুৱক চাৰিজনে দেখা পাইছিল। দুয়োকে তেনে অৱস্থাত পাই যুৱককেইজনে তেওঁলোকক তাৰপৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে আৰু সকীয়নি দিয়ে। তাৰ মাজতে যুৱক চাৰিজনৰ মাজৰে ৰাজা চুতীয়া (২৫) নামৰ যুৱক এজনে সোণমণি চুতীয়াক এটা চৰ মাৰে। ঘটনাটো অধিক সদৰি হ’লে সৃষ্টি হ’বপৰা প্ৰতিক্ৰিয়া তথা অনৰ্থক বিশৃংখলাৰ কথা ভাবি বিশেষ বাক-বিতণ্ডা নকৰি ল’ৰা-ছোৱালীহালক সকীয়নি দি ৰে’ল লাইনেৰে খোজকাঢ়ি যুৱককেইজন আঁতৰি যায়।





    ঘটনাৰ পাছতে প্ৰায় ৫ বজাত সোণমণি চেতিয়া নামৰ চৰ খোৱা যুৱকজনে ৰাজু চুতীয়াক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। আক্ৰমণ কৰিয়েই পৰিকল্পিতভাৱে মটৰ চাইকেল লৈ পলায়ন কৰে সোণমণিয়ে। প্ৰেয়সীক যাবলৈ দি হিন্দী চিনেমাৰ কায়দাৰে সোণমণি চেতিয়াই ৰাজু চুতীয়াক ছুৰীকাঘাত কৰি হত্যা কৰে। ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সংঘটিত কৰি হত্যাকাৰীয়ে বন্ধুৰ সৈতে মোবাইলত বাৰ্তালাপ কৰাৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে। এই ঘটনাৰ পাছতে হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবীত স্থানীয় ৰাইজে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰে। ইফালে, পুত্ৰক হেৰুৱাৰ বেদনাত ৰাজুৰ মাতৃও অসুস্থ হৈ পৰে আৰু তেওঁ চিকিৎসাধীন হ’বলগীয়া হৈছে।