• যোগান বন্ধ ৰাসায়নিক সাৰৰ! কুম্ভকৰ্ণ নিদ্ৰাত কৃষি বিভাগ

    আঞ্চলিক
    যোগান বন্ধ ৰাসায়নিক সাৰৰ! কুম্ভকৰ্ণ নিদ্ৰাত কৃষি বিভাগ

    দিপীলাঃ কৃষি নিৰ্ভৰশীল ৰাজ্যখনত কৃষকৰ চলিছে দুদৰ্শা! ৰাজ্যৰ ভিন্নস্থান এতিয়া বানপানীৰ কবলত। কিছু কিছু স্থানত আকৌ খৰাঙে দহিছে। তাৰ পাছতো আশাত বন্দী সাধাৰণ কৃষকসকল। কপালৰ ঘাম মাটিত পেলাই প্ৰতিকূলতাক নেওচি কৃষকে কৰি গৈছে কৃষিকৰ্ম।





    কিন্তু শালি ধান লহপহকৈ বাঢ়ি ‘মণি’ ঘূৰোৱাৰ সময়ত ফচল বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ইউৰীয়া সাৰ বিচাৰি বজাৰলৈ গৈ হতাশ হৈ উভতি আহিবলৈ বাধ্য হৈছে কৃষকসকল। কাৰণ ৰাজ্যত বিগত প্ৰায় এমাহে নাই ইউৰীয়া সাৰৰ যোগান। কেবিনেট মন্ত্ৰী অতুল বৰাই কৃষকৰ এই সমস্যা সমাধানৰ বাবে তৎপৰতা নেদেখুৱাত ক্ষুব্ধ হৈ পৰিছে কৃষকসকল।





    এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দৰঙৰ জিলা কৃষি বিষয়াই গাএৰা মন্তব্য প্ৰদান কৰিছে। ক’লা বজাৰলৈ যোৱা ইউৰীয়াৰ প্ৰসংগ এৰাই চলাৰ চেষ্টা কৃষি বিষয়াগৰাকীৰ। ‘কৃষকৰ আয়বৃদ্ধিৰ বাবে কথাৰ ফুলজাৰী মাৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে পদক্ষেপ লোৱাৰহে প্ৰয়োজন’- বুলি সাধাৰণ কৃষকে মন্তব্য আগবঢ়াইছে।