• যোৰহাটত পুনৰ সাংবাদিকক আক্ৰমণ, আটক ৩ ধৃত

    আঞ্চলিক
    যোৰহাটত পুনৰ সাংবাদিকক আক্ৰমণ, আটক ৩ ধৃত

    যোৰহাটঃ যোৰহাটত সংবাদ মাধ্যমৰ ওপৰত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ এটা দুৰ্বৃত্তৰ দলে এটা বৈদ্যুতিন মাধ্যমৰ স্থানীয় কাৰ্যালয়ত উদ্ভণ্ডালি পৰিৱেশৰ সৃষ্টি কৰে মঙলবাৰে৷ দুৰ্বৃত্তৰ আক্ৰমণত জিণ্টু শইকীয়া নামৰ এগৰাকী যুৱ সাংবাদিক আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত প্ৰকাশ কৰ্মকাৰ নামৰ অন্য এজন যুৱক।





    আৰু পঢ়িব পাৰিব : ড্ৰাগছ আসক্ত পুত্ৰক শিকলি লগাই বান্ধি থ’লে পিতৃয়ে





    ইতিমধ্যে এই ঘটনাৰ লগত ৩টা দুৰ্বৃত্তক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। আটক হোৱা যুৱককেইজন ক্ৰমে ৰাজীৱ বৰা, শ্যামলজ্যোতি বৰা আৰু ভৱেন গগৈ। জানিব পৰা মতে ১২-১৫জনীয়া দুৰ্বৃত্তৰ দলে কাৰ্যালয়টোত আক্ৰমণ চলাইছিল।





    আৰু পঢ়িব পাৰিব : ১১বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৪০ বছৰীয়াৰ





    এই ঘটনাৰ লগত জড়িত এখন AS-01AN-1699 নম্বৰৰ এখন ৱেগন-আৰ গাড়ী জব্দ কৰা হৈছে। লগতে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে সচেতন মহলে।