Regional
যোৰহাটঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বহুতে হেৰুৱাইছে জীৱিকাৰ পথ। খাদ্যৰ সংকটত পৰিছে দেশবাসী, তেনে সময়তে যোৰহাটৰ ‘কেয়াৰ ইউ-৩৬৫’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে লৈছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ। বিগত সময়ছোৱাত তেওঁলোকে যোৰহাট চহৰৰ আশে-পাশে খাদ্যৰ সংকটে দেখা দিয়া অঞ্চলত যোগান ধৰি আহিছে খাদ্য সামগ্ৰী।
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টত সংগঠনটোৱে অনুষ্ঠিত কৰে প্ৰতিষ্ঠা দিৱস। যোৰহাটৰ নিমাতীঘাটত শিল্পকলাৰ এক অনন্য নিদৰ্শন তুলি ধৰা পৰিলক্ষিত হৈছে। স্থানীয় দুই শিল্পীৰ উদ্যোগত জাতীয় পতাকাৰ তলত প্রাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিচ্ছবি বুলুকাত অংকন কৰা হৈছে। আৰু তেনেদৰে সংগঠনটোৱে দেশবাসীক জনাইছে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা।
Leave A Comment