• যোৰহাট কাণ্ডৰ পাছৰে পৰা শংকাত ভূগিছে বনভোজপ্ৰেমী ৰাইজ

    আঞ্চলিক
    যোৰহাট কাণ্ডৰ পাছৰে পৰা শংকাত ভূগিছে বনভোজপ্ৰেমী ৰাইজ

    ডিজিটেল ডেস্ক : নৱবৰ্ষক আদৰিবলৈ ৰাজ্যবাসীৰ মাজত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে যদিও পুনৰ ক'ভিডসৃষ্ট পৰিস্থিতিক কেন্দ্ৰ কৰি শংকাও দুগুণে বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি ৰাজ্যত বৃদ্ধি পোৱা বিভিন্ন ধৰণৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ বিশেষকৈ মুক্তহত্যা, দুৰ্ঘটনা তথা অনাকাংক্ষিত বহু দুৰ্ঘটনা বৃদ্ধি পোৱা হেতুকে মানুহৰ মাজত শংকাৰ বৃদ্ধি পোৱা দেখা গৈছে৷ ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে বনভোজ, প্ৰীতিভোজৰ বাবে বহু লোকে পৰিকল্পনা কৰে৷ কিন্ত পৰিবেশ পৰিস্থিতিৰ তাগিদাত পূৰ্বৰ তুলনাত সেৰেঙা দেখা গৈছে এনে উৎসাহ-উদ্দিপনাৰ৷





    নগাঁও জিলাৰ চাপানালাৰ চম্পাৱতী বনভোজথলীতো দেখা পোৱা গৈছে ইয়াৰ প্ৰভাৱ। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ বুলিলে পূৰ্বে প্ৰতিদিনাই বহু সংখ্যক বনভোজ দলে ভিৰ কৰাৰ বিপৰীতে এইবাৰ ডিচেম্বৰ মাহত চম্পাৱতী বনভোজ থলীত বনভোজ দলৰ উপস্থিত অতি সেৰেঙা। এইবেলি বনভোজ দলসমূহক দিনটো উদযাপন কৰিবৰ বাবে বনভোজথলীৰ পৰিচালনা কমিটিয়ে উপযুক্ত ব্যৱস্থা কৰি দিছে যদিও ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবেই নিশ্চয় চম্পাৱতীত বনভোজৰ দল সমূহে ভিৰ কৰা নাই বুলি সন্দেহ প্ৰকাশ কৰিছে লেচীসকলে।






    তথাপিও যি দুই-এক বনভোজ দল চম্পাৱতীলৈ আগমন ঘটিছে সেইসকলে কিন্তু যথেষ্ট আনন্দ-উল্লাসৰ মাজেৰে এটা দিন পাৰ কৰা পৰিলক্ষিত হৈছে চাপানালাৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত। অৱশ্যে ৰাজ্যত শেহতীয়াকৈ সংঘটিত যোৰহাট কাণ্ডৰ দৰে ঘটনা সমূহেও ৰাজ্যবাসীক বনভোজ আদিৰ দৰে পাৰ্বন সমূহত ভাগ লোৱাৰ মানসিকতা ম্লান কৰিছে বুলি অকপতে স্বীকাৰ কৰিছে উপস্থিত বহু কেইজন বনভোজকাৰীয়ে।