• যোৰহাট-নগাঁৱত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড !

    আঞ্চলিক
    যোৰহাট-নগাঁৱত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড !

    যোৰহাট : আজি পুৱা যোৰহাট আৰু শুকুৰবাৰে নিশা যোৰহাটৰ বালিগাঁৱৰ জানখনাত আৰু নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপৰ ফাঁচীৰোড পানীটেংকি অঞ্চলত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷





    আৰু পঢ়িব পাৰিব : শিল্পী, কলা-কুশলীক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য চৰকাৰৰ…





    শ্বৰ্ট চাৰ্কিটৰ ফলতেই যোৰহাটত জুইত জাহ যায় তিনিতাকৈ বাসগৃহ। এটা চিলিণ্ডাৰো বিস্ফোৰণ হৈছে অগ্নিকাণ্ডত৷ জুইৰ লেলিহান শিখাই নিমিষতে শেষ কৰে তিনিটাকৈ পৰিয়াল৷ অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপনৰ তিনিখন বাহনে জুই নুমোৱাবলৈ সক্ষম হয় যদিও জুইত জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰী৷





    আৰু পঢ়িব পাৰিব : বিস্ফোৰক অভিযোগ : আম্বানীক গটালে চিৰিয়াখানাৰ সম্পদ!





    ইপিনে নগাঁৱত দপদপকৈ জ্বলিল প্ৰায় ১৫টাৰো অধিক ঘৰ। নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল আকবৰ আলী, ভাইটি আলী, চুকুৰ আলী, আছাদুল হক, মাইনুল হক, আবুত আলম আদিৰ বাসগৃহ আৰু ঘৰৰ সকলো সামগ্ৰী। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় দুঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই৷





    আৰু পঢ়িব পাৰিব : টিকাকৰণ : সামগ্ৰিক ব্যৱস্থাক লৈ সন্তুষ্ট হিতাধিকাৰী





    অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত হোৱা নাই যদিও একাংশই ৰে’ল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোকসকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। আন একাংশই বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ আশংকা কৰিছে৷