জীৱন শৈলী
হোজাই : ৰাজ্যত পুনৰ যৌতুকৰ বাবে সংঘটিত হৈছে এক জঘন্য কাণ্ড। এইবাৰ ঘটনাৰ স্থান হোজাই জিলাৰ কামপুৰ কলাইখোৱা গাঁও। অভিযোগ অনুসৰি নিজৰ গৰ্ভাৱতী পত্নীক টনা-আঁজোৰা কৰি নিজ শাহুৱেকৰ মুখত সোপা দি ছুৰীৰে মূৰত আৰু হাতত আক্ৰমণ কৰে জোৱায়েক ৰাতুল দাসে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি যৌতুক বিচাৰি নিজ পত্নীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল হোজাই জিলাৰ যোগীজানৰ দক্ষিণ কেন্দুগুৰিৰ ৰাতুল দাসে।
আৰু পঢ়িব পাৰিব : পৰাজয় স্বীকাৰ ট্ৰাম্পৰ, ২০ জানুৱাৰীত এৰিব হোৱাইট হাউছ
উল্লেখ্য যে, কালি নিশা শহুৰৰ ঘৰলৈ আহি পত্নীক বলপূৰ্বকভাৱে নিবলৈ চেষ্টা কৰিছিল ৰাতুলে৷ এনে কাৰ্যক বাধা প্ৰদান কৰাত পত্নী আৰু পত্নীৰ মাতৃক আক্ৰমণ কৰে লম্পদ ৰাতুলে৷ লগতে শাহুক ছুৰীৰে আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৰাতুল৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কামপুৰ আৰক্ষী চকীত জোঁৱাই ৰাতুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শাহুৱেক মইনা বৰাই।
আৰু পঢ়িব পাৰিব : ভাল-খবৰ: ইণ্ডিয়ান পেনোৰামাৰ প্ৰতিযোগিতাত প্ৰৱেশ অসমীয়া ছবি
সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে ৰাতুল দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি নিৰ্যাতিতা বোৱাৰীগৰাকীক উচিত ন্যায় দিবলৈ আৰক্ষীক দাবী জনায় স্থানীয় লোকে।
Leave A Comment