International
ৰাছিয়াঃ ৰাছিয়ান অলিম্পিক চেম্পিয়ন এলা শ্বিশকিনা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ ভিতৰত এগৰাকী। ক্ৰীড়াবিদগৰাকীৰ শেহতীয়া এক মন্তব্যই সৰ্বত্ৰে আলোড়নৰ জোৱাৰ তোলা দেখিবলৈ পোৱা গৈছে। যৌনসম্ভোগ এক প্ৰকাৰ শাৰীৰিক ব্যায়াম বুলি গণ্য কৰা এলাইৰ মতে, ‘প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ হ’লে প্ৰতিখন খেলৰ পূৰ্বে যৌন সম্ভোগ কৰাটো বাধ্যতামূলক। ই মূল চাবিকাঠী।’
উল্লেখ্য যে, বিশ্বৰ অন্যতম এথলীট এলা শ্বিশানাই ২০২০ ট’কিঅ অলিম্পিকত স্বৰ্ণপদক লাভ কৰিছে। সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে এই খ্যাতি অৰ্জন কৰিছিল তেওঁ। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ৰিঅ' অলিম্পিক আৰু ২০১২ চনত লণ্ডন অলিম্পিকতো সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ জয় কৰিছিল এলা শ্বিশানাই। তেওঁ ৰাছিয়াৰ সংবাদ সংস্থা ‘স্পৰ্টছ এক্সপ্ৰেছ’ৰ সৈতে তেওঁৰ অনফিল্ড প্ৰদৰ্শনৰ বিষয়ে কৰা পৰ্যালোচনাত প্ৰতিযোগিতাৰ পূৰ্বৰ গোপন ৰহস্যৰ বিষয়ে অৱগত কৰিছে।
আলোচনা প্ৰসংগত তেওঁ সদৰী কৰে যে, 'মই বিজ্ঞান, গৱেষণা আৰু চিকিৎসকসকলৰ পৰামৰ্শত যথেষ্ট বিশ্বাস কৰোঁ। মই মোৰ ব্যক্তিগত চিকিৎসক ভেনিচৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলোঁ। বিজ্ঞান সম্প্ৰদায়ে স্বীকাৰ কৰিছে যে, যদি আপুনি পেছাদাৰী ক্ৰীড়াত আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবলগীয়া হয়, তেতিয়া যৌনতা অবিহনে ইয়াক প্ৰতিপন্ন কৰাৰ আৰু উত্তম উপায় থাকিব নোৱাৰে।’
Leave A Comment