• যৱনিকা পৰিব আন এক অধ্যায়ৰ: আলোচনাৰ মাজলৈ ডিএনএলএৰ নেতৃবৃন্দ

    আঞ্চলিক
    যৱনিকা পৰিব আন এক অধ্যায়ৰ: আলোচনাৰ মাজলৈ ডিএনএলএৰ নেতৃবৃন্দ

    ডিজিটে ডেস্ক: যৱনিকা পৰিব আন এক অধ্যায়ৰ৷ শান্তি চুক্তিৰ দিশে আন এক উগ্ৰপন্থী সংগঠন৷ কাৰ্বি পাহাৰত উগ্ৰপন্থী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ যৱনিকা পৰিল৷ ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ আদৰণি জনায় ডিএনএলএ সংগঠনটোক৷





    ডিএনএলএৰ অধ্যক্ষ ইতিকা ডিফুছাৰ লগতে অতিৰিক্ত সেনাধ্যক্ষ জুদ্দিচন হাফলংবাৰ ওৰফে আমেৰিকা ডিফুছাক আলোচনালৈ আদৰণি জনায়৷ সাধাৰণ সম্পাদক প্ৰীতমজিৎ জিদুং ওৰফে কালাও ডিমাছা কছাৰীকো আদৰণি জনায় শান্তি আলোচনালৈ৷





    এই আলোচনাক আদৰণি জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথৰ লগতে ধনশিৰিৰ ডাউজিনফাঙত আদৰণি জনায় সংগঠনটোৰ নেতৃবৃন্দক৷ ৩ বিদ্ৰোহীক লগত লৈ গুৱাহাটীলৈ ৰাওনা হৈছে শীৰ্ষ আৰক্ষীৰ দলটো৷ গুৱাহাটীত DNLAৰে হ’ব যুদ্ধ বিৰতি চুক্তি৷