• লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু

    আঞ্চলিক
    লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু

    হোজাই : হোজাইৰ লংকাত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ একে পৰিয়ালৰ দুটা শিশু খাদ্যত বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰে৷ লংকাৰ ১নং ৱাৰ্ডৰ লংকা পট্টীত সংঘটিত হৈছে এই ঘটনা।





    আৰু পঢ়িব পাৰিব : আজি মনোনয়ন দিব হিমন্ত বিশ্ব শৰ্মাই : লগত থাকিব উত্তৰ-পূবৰ ৬জনকৈ মুখ্যমন্ত্ৰী !





    জানিব পৰা মতে শিশু দুটিৰ পিতৃ অজয় কৰো সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে। মৃত্যু হোৱা শিশু দুটিৰ নাম অৰ্ণৱ কৰ (১১) আৰু অভিক কৰ(৪)৷ এক মাংগলিক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈছিল শিশু দুটি আৰু পাছলৈ মৃত্যুমুখত পৰে৷





    আৰু পঢ়িব পাৰিব : বৰাকত মিনি ছেক্ৰেটেৰিয়েট স্থাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ !





    একে পৰিয়ালৰ শিশু দুটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ লগতে এই সমগ্ৰ ঘটনাৰ বাবে এতিয়া অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে৷