• লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ

    আঞ্চলিক
    লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ

    হোজাইঃ হোজাই জিলাৰ লংকাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। পশ্চিম লংকাগাঁৱৰ পথৰ দাঁতিত শংকৰ দেৱনাথ নামৰ এজন লোকৰ মৃতদেহ পথৰ কাষত উদ্ধাৰ হৈছে। লংকাৰ বৰদলঙৰ নিৱাসী শংকৰ দেৱনাথৰ ‘লংকা বজাৰ’ত গেলামালৰ দোকান আছিল।





    আৰু পঢ়িব পাৰিব : আজি অসমলৈ বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষ জে পি নড্ডা





    দেওবাৰে নিজৰ পুত্ৰক দোকানত বহুৱাই ওলাই অহাৰ পাছৰেপৰা নিৰুদ্দেশ হৈ আছিল ব্যৱসায়ীজন। তাৰ পাছতে মোবাইল ফোনো বন্ধ হৈ আছিল ব্যক্তিজনৰ। পৰিয়ালৰ লোকে দেওবাৰৰ পুৱাৰ পৰা বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ কৰিব নোৱাৰি লংকা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।





    আৰু পঢ়িব পাৰিব : তুষাৰপাতে প্ৰাণ কাঢ়িলে অসমৰ বীৰ জোৱানৰ !





    পাছত পুৱা পশ্চিম লংকা গাঁৱৰ পথৰ কাষত শংকৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে, কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।