National
নতুন দিল্লীঃ ক্ৰিকেটত কেৱল সাফল্যৰ প্ৰতিচ্ছবিয়েই প্ৰতিফলিত নহয়। মহা মহা তাৰকাৰ ব্যৰ্থতাৰ কাহিনীও লিপিবদ্ধ কৰা হৈছে। শেহতীয়াকৈ তেনে এক খবৰে শিৰোনাম দখল কৰিছে। আইপিএলৰ আৰৱ আমিৰাৰ চলিত ছিজনত ইংৰাজ তাৰকা ইয়ন মৰ্গানৰ দিন ভালে যোৱা নাই। দলীয় বিপৰ্যয়ৰ লগতে বেটৰ পৰা অহা নাই ৰাণ। মৰ্গানে বিগত চাৰিখন খেলত ক্ৰমে ২,০,৮ আৰু ৭ ৰাণ সংগ্ৰহ কৰিছে। মুঠ ১১ খন খেলত ১০৯ ৰাণহে সংগ্ৰহ কৰিছে মৰ্গানে। অধিনায়ক হিচাপেও নানা প্ৰশ্নৰ সন্মুখীন হৈছে মৰ্গান।
দলটো সঠিক পথে নিব পৰা নাই বুলিও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ক্ৰিকেটাৰগৰাকী। শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছে পঞ্জাৱ কিংছৰ হাতত ৫ উইকেটত পৰাজিত হৈছিল। খেলখনত অধিনায়ক মৰ্গানৰ বেটৰ পৰা আহে মাত্ৰ ২ ৰান। পেচাৰ মহম্মদ ছামীৰ বলত এলবিডব্লিউ হোৱাৰ পাছত মৰ্গানে ড্ৰেছিং ৰুমলৈ উভতি গৈছিল। ইয়াৰ পাছতে লজ্জাজনক অভলেখৰ নজিৰ সৃষ্টি কৰিছে মৰ্গানে। এই অভিলেখেৰে কলকাতাৰ প্ৰাক্তন অধিনায়ক গৌতম গম্ভীৰকো অতিক্ৰম কৰিছে মৰ্গানে। আইপিএলৰ চলিত ছিজনত এতিয়ালৈকে মৰ্গানে ৯খন খেলত এক অংকৰ ৰান কৰিছে। উল্লেখ্য যে, ইমানদিনে আইপিএলৰ অধিনায়ক হিচাপে এই অভিলেখ অৰ্জনকাৰীৰ শীৰ্ষত আছিল গৌতম গম্ভীৰ।
Leave A Comment