• লজ্জাজনক : বৃদ্ধা মহিলাক ডাইনী সজাই অমানুষিক অত্যাচাৰ

    আঞ্চলিক
    লজ্জাজনক : বৃদ্ধা মহিলাক ডাইনী সজাই অমানুষিক অত্যাচাৰ

    ডিজিটেল ডেস্ক : আধুনীক যুগৰ এক ক'লা অধ্যায়৷ একবিংশ শতিকাতো পুৰণিকলীয়া চিন্তা-ধাৰাই এজাকৰ জীৱনলৈ কঢ়িয়াই আনিছে অমানিশা৷ আইনো অসাৰ হৈ পৰিছে এইসকল লোকৰ বাবে৷ তেনে এক মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সাপেখাতীৰ টিমন বৰতানিত ৷ অঞ্চলটোৰ একাংশলোকে বিগত ১৫ দিনতকৈ অধিক দিন ধৰি এগৰাকী ৮০ উৰ্দ্ধৰ বৃদ্ধাক ডাইনী সজাই নিৰ্যাতন চলাই আহিছিল৷ অৱশেষত নিজ পুত্ৰ-বোৱাৰীৰ ততাৱধানত উৎধাৰ হয় বৃদ্ধা মহিলগৰাকী৷





    ঘটনাৰ বিৱৰণী অনুসৰি, জীয়ৰী সৈতে বসবাস কৰা বৃদ্ধাগৰাকীক ২৩ নৱেম্বৰৰ নিশাই শোৱা পাটিৰ পৰা স্থানীয় একাংশ পুৰুষ মহিলাই উঠাই লৈ আহে৷ সমীপতে থকা হৰিমন্দিৰত বৃদ্ধা গৰাকীক চাকি বন্তি জ্বলাই আঠু কঢ়াই ডাইনী বুলিবলৈ বাধ্য কৰায় এইলোকসকলে ৷ স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল বুলি অবিযোগ উত্থাপন হৈছে৷ মুঠৰ ওপৰত বিভিন্ন প্ৰকাৰে বহুদিন দিন ধৰি বৃদ্ধাগৰাকীক ডাইনী বুলি চলাই আহিছিল নিৰ্যাতন ৷





    শেহতীয়াকৈ সমগ্ৰ ঘটনাৰ সম্পৰ্কত দেওবাৰে সাপেখাতী আৰক্ষীক অৱগত নকৰাকৈ স্থানীয় গাওঁবুঢ়া জিতেন দত্তই এক সভা অনুষ্ঠিত কৰিছিল৷ লগতে এই সমগ্ৰ ঘটনাটো নিষ্পত্তি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে সচেতনমহলে ৷ বৃদ্ধাগৰাকীৰ পুত্ৰ বোৱাৰী কৰ্মসূত্ৰে বৰহাট থকাত দেওবাৰে নিজা গৃহত পুত্ৰ উপস্থিত হৈ মাতৃ গৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিষয়ে অৱগত হোৱাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ ইতিমধ্যে ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ উপৰিও ঘটনাৰ সৈতে জড়িত ৬ জনতকৈ অধিক লোকক আটক কৰিছে ৷