• লজ্জানত! প্ৰথমে ধৰ্ষণ পাছত হত্যা: পলাবলৈ লওতেই গুলীবিদ্ধ হ'ল পঠা

    আঞ্চলিক
    লজ্জানত! প্ৰথমে ধৰ্ষণ পাছত হত্যা: পলাবলৈ লওতেই গুলীবিদ্ধ হ'ল পঠা

    মৰিগাঁও : ধৰ্ষণ কাণ্ডৰ অভিযুক্তক পুনৰ গুলীয়ালে আৰক্ষীয়ে৷ পলাবলৈ লওতেই ভৰি গুলী চালনা কৰি আটক কৰে মৰিগাঁও আৰক্ষীয়ে৷ জিলাখনৰ ভূৰাগাঁৱৰ ছৈয়দ আলী ওৰফে পঠাক কৰায়ত্ত কৰিবলৈ বিগত কিছুদিনৰ পৰা অভিযান চলাই আছিল আৰক্ষীয়ে৷ অনুসন্ধানৰ সময়ত পলাবলৈ লওঁতে গুলী চলায়৷





    ঘটনাস্থলীলৈ তদন্তৰ বাবে নিছিল আৰক্ষীয়ে৷ গুলীবিদ্ধ ছৈয়দ আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়৷ এগৰাকী ৯বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল ছৈয়দে৷ উল্লেখ্য যে, এই ভূৰাগাঁও থানাৰ অন্তৰ্গত বিলিডোংগাত সংঘটিত হয় এই জঘন্য কাণ্ড৷ ৯বছৰীয়াগৰাকীক পাখণ্ডটোৱে প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত হত্যা কৰে। মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া নৰপিশাচ ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰে।