Politics
ডিব্ৰুগড়: লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব অসমৰ এগৰাকী খেলুৱৈৰ দুৰ্দশা৷ ২০১২ চনৰ লণ্ডন অলম্পিকত ভাৰতক শিখা দৌৰত প্ৰতিনিধিত্ব কৰিছিল অসম জীয়ৰী পিংকী কৰ্মকাৰে৷ মাত্ৰ ১৮ বছৰ বয়সত ইউনিছেফৰ ‘স্পৰ্টছ ফৰ ডেভেলপমেণ্ট’ শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাৰ এগৰাকী যুৱতীয়ে। এটা সাধাৰণ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পিংকীৰ এই সাফল্যত গৌৰাৱাম্বিত হৈ পৰিছিল সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী। কিন্তু এইগৰাকী অলিম্পিকৰ শিখা দৌৰবিদৰ এতিয়া দুৰ্বিসহ জীৱন সংগ্ৰামে আপোনাক হতচকিত কৰি তুলিব। এতিয়া ৰজাঘৰ প্ৰজাঘৰৰ পাহৰণিৰ গৰ্ভত পিংকী৷ চাহ বাগিচা অঞ্চলত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু বাল্যবিবাহ, সুৰা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে সজাগতামূলক কাম কৰি আহিছে পিংকীয়ে।
উল্লেখ্য যে, পিংকীয়ে লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্রহণৰ বিনিময়ত ইউনিছেফে দিয়া নাছিল মাননি। ইফালে লণ্ডনৰ পৰা উভতি অহাৰ সময়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে আদৰি অনা হৈছিল পিংকীক। পিংকীৰ বৰবৰুৱা বাগিচাৰ আৱাসগৃহত ভৰি পৰিছিল মন্ত্ৰী-বিধায়ককে ধৰি বহু জাতীয় সংগঠনৰ নেতা। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ত পিংকীক সম্বৰ্ধনা জনাই ভৱিষ্যতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। সেইদৰে সেই সময়ৰ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৃথ্বী মাঝিয়েও দিছিল ভৱিষ্যতে পিংকীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি। ২০১৫ চনত পিংকীৰ মাতৃ মৃত্যুৰ পাছত অৰ্থৰ অভাৱত পিংকীয়ে আধাতে এৰি দিবলগীয়া হৈছিল শিক্ষাজীৱন। নামভৰ্তিৰ বাবে সহায় বিচাৰি তেতিয়াৰ মন্ত্ৰী পৃথিৱী মাঝি, পৱন সিং ঘটোৱাৰৰ কাষ চাপিও পোৱা নাছিল সহায়। আৰ্থিক দৈন্যতাত ভোগা পিংকীয়ে পৰিয়াল পোহপাল দিবলৈ মাতৃৰ বদলি পিংকীয়ে আঁকোৱালি ল'বলগীয়া হৈছিল শ্ৰমিকৰ জীৱন। এতিয়া পিংকী বৰবৰুৱা চাহ বাগিচাৰ স্থায়ী শ্ৰমিক। সাধাৰণ উপাৰ্জনেৰে জীৱন সংগ্ৰামত ব্যস্ত পিংকী। মন্ত্ৰী বিধায়কৰ প্ৰতিশ্ৰুতি কেৱল অসাৰ প্ৰতিপন্ন হোৱাত দেশক গৌৰৱান্বিত কৰা পিংকীক ব্যৰ্থিত কৰে। ট’কিঅ’ অলিম্পিকৰ গৰম বতাহে সমগ্ৰ বিশ্ব চুই যোৱাৰ সময়তে এগৰাকী অলিম্পিকৰ শিখা কঢ়িওৱা ৰাজ্যৰ এগৰাকী যুৱতীৰ এনে অৱস্থা নিশ্চয়কৈ অত্যন্ত দুৰ্ভাগ্যজনক।
Leave A Comment