• লম্পটৰ কামনাৰ বলি হৈ ৫ মাহৰ অন্তসত্ত্বা স্বামীহীনা মহিলা!

    আঞ্চলিক
    লম্পটৰ কামনাৰ বলি হৈ ৫ মাহৰ অন্তসত্ত্বা স্বামীহীনা মহিলা!

    ডিব্ৰুগড়: ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা৷ এটা লম্পটৰ কামনাৰ বলি হৈ ৫ মাহৰ অন্তসত্ত্বা হ'ল শাৰীৰিকভাৱে অক্ষম দুটি কণমানি সন্তানৰ মাতৃ এগৰাকী বিধবা মহিলা৷ ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ দুৱৰাচুকত৷

    মাত্ৰ ৭ মাহ পূৰ্বে স্বামী হেৰুৱা মহিলাগৰাকীক লম্পটটোৱে নিজ গৃহত হাজিৰা কাম কৰিবলৈ যোৱা অৱস্থাত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে৷ কিছুদিনৰ পাছত মহিলাগৰাকী শাৰীৰিকভাৱে অসুস্থ হোৱাত চিকিৎসা কৰোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ বৰ্তমান ৫ মাহৰ গৰ্ভৱতী মহিলাগৰাকী৷

    স্থানীয় নাৰী সংগঠনৰ সহযোগত ইতিমধ্যে লম্পটটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। লম্পটোৰ নাম হলচল ডুম। ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখাৰ এজন কৰ্মচাৰী। ইতিমধ্যে পলাতক অৱস্থাত আছে লম্পটটো।