• লানি নিছিগা দালালঃ এইবাৰ ৰাজ্যৰ ডাকঘৰত ওলাইছে সম্ভেদ

    আঞ্চলিক
    লানি নিছিগা দালালঃ এইবাৰ ৰাজ্যৰ ডাকঘৰত ওলাইছে সম্ভেদ

    ডিজিটেল ডেস্কঃ দালালৰ কবলত অসম। সমগ্ৰ ৰাজ্যজুৰি চলা অভিযানত আটক হৈছে পাঁচ শতাধিক মাটিৰ দালাল। ৰাজ্য চৰকাৰৰ সবল ভুমিকাত অসম দালালমুক্ত হ'ব বুলি আশাবাদী ৰাজ্যবাসী। তেনে সময়তে আন এক দালালচক্ৰৰ সম্ভেদ ওলাইছে ৰাজ্যত।ৰাজ্যত এইবাৰ ডাকঘৰত চলিছে দালালৰাজ! ঢকুৱাখনা ঘিলামৰাৰ এগৰাকী বৃদ্ধাৰ ডাকঘৰৰ একাউণ্টৰ পৰা ১০ হাজাৰ টকা হৰলুকী হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ঢকুৱাখনা ঘিলামৰা চৌখামঘাট গাঁৱৰ ৰুহিনী গগৈ নামৰ বৃদ্ধা এগৰাকীৰ একাউন্টৰ পৰা হৰলুকী হৈছে ধন।





    বৃদ্ধাগৰাকীয়ে ২৬/০৪/২০১৯ তাৰিখে ঘিলামৰা ডাকঘৰত এটা ছেভিংছ একাউণ্ট খুলিছিল। বৰ্তমান সময়লৈকে লেন-দেন চলি থকা একাউণ্টটোৰ পাছবুকখন মঙলবাৰে আপডেট কৰিব লওঁতে ১০০০০ টকা কমকৈ ওলোৱাত হতভম্ভ হয় বৃদ্ধাগৰাকী। গ্ৰাহক ৰুহিনী গগৈয়ে কৰা অভিযোগ অনুসৰি ডাকঘৰত লেন-দেন কৰা সকলো হিচাপ পাছবুকখনত তাৰিখ আৰু পইচা অনুপাতে সকলোতে ডাকঘৰৰ অফিচ স্বাক্ষৰ আৰু ছীলমোহৰ মৰা আছে। কিন্তু পৰিতাপৰ বিষয় যে পূৰ্বৰ ডাকঘৰ মেনেজাৰ আৰু একাংশ কৰ্মচাৰীয়ে দালালৰাজ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। দালালৰূপী কৰ্মচাৰীয়ে বৃদ্ধাগৰাকীৰ একাউন্টৰ পৰা হৰলুকী কৰা ১০ হাজাৰ কৈ টকা বিভাগীয় বিষয়াই ঘূৰাই দিবলৈ সক্ষম হ'বনে নাই সেয়া সময়ত লক্ষ্যণীয় হ'ব।