Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
কোকৰাঝাৰঃ এবিএমছুসহ বিভিন্ন ছাত্ৰ সংগঠনৰ অবিৰত প্ৰতিবাদত অৱশেষত ‘চিবিআই’-এ ৰাজহুৱা কৰিলে তিনিজন হত্যাকাৰীৰ নাম। তেওঁলোকৰ নাম ক্ৰমে ৰুফা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম, দিংকুৰ মুছাহাৰী ওৰফে দাউ আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে।
‘চিবিআই’-এ হত্যাকাৰীৰ নাম ঘোষণা কৰিছে যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত পলাতক হত্যাকাৰীৰ খবৰ দিওঁতাক দুই লাখ টকা পুৰস্কাৰ কৰা ঘোষণা কৰিছে ‘চিবিআই’-এ। প্ৰয়োজনত খবৰ দিওঁতাৰ নাম-ঠিকনা লুকুৱাই ৰখা হ’ব। কিন্তু চিবিআই-এ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে যদিও আশ্বস্ত নহয় এবিএমছু। মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰালৈকে এবিএমছু-এ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সকীয়নি প্ৰান কৰিছে এবিএমছু-এ।
উল্লেখযোগ্য যে ২০১৭ চনৰ ১ আগষ্টত দিন দুপৰতে কোকৰাঝাৰ তিতাগুৰিত থকা-সৰকা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই। খবৰ দিবলৈ এই ঠিকনাত যোগাযোগ কৰক The HOB & Superientent of police, CBI, SCB
CGO Complex, DF Block, A Wing, 2nd Floor, Salt Lake-700064
Phone Nos. 033-23596118, 9051255109
Email- [email protected]
Police Control Room Kokrajhar-03661-270667, 6026900824
Leave A Comment