• লাভলীনাক শুভেচ্ছা অখিলৰ : ১ কোটি টকাৰ তাৎক্ষণিক অনুদানৰ আহ্বান চৰকাৰক

    আঞ্চলিক
    লাভলীনাক শুভেচ্ছা অখিলৰ : ১ কোটি টকাৰ তাৎক্ষণিক অনুদানৰ আহ্বান চৰকাৰক

    গুৱাহাটী: আজি বিধানসভাৰ কাৰ্যসূচীত বিধায়ক অখিল গগৈয়ে অসমৰ নাম উজলাবলৈ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন কৰে৷ অসমৰ দৰে অনুন্নত আন্তঃগাঁথনিৰ পাছতো ব্যক্তিগত উদ্যোগত অলিম্পিকলৈ যোৱা লাভলীনাক পৰৱৰ্তী সময়ত খেলিবলৈ চৰকাৰে ১ কোটি টকাৰ তাৎক্ষণিক অনুদান দিব লাগে আৰু গেজেটেত পোষ্টত নিয়োগ কৰিব লাগে বুলি কয় অখিল গগৈয়ে৷





    ইপিনে ব্ৰিটিছে কৰ লগোৱাৰ দৰে বিজেপিয়েও গাঁৱত কৰৰ ব্যৱস্থা কৰিব বিচাৰিছে৷ গাঁৱত সাংস্কৃতিক অনুষ্ঠানৰ বাবেও চৰকাৰ-পঞ্চায়তৰ অনুমতিৰ নাভূত-নাশ্ৰুত ব্যৱস্থা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে৷





    বিজেপিৰ দৰে এআইইউডিএফও সাম্প্ৰদায়িক দল৷ কংগ্ৰেছৰ ভুলৰ বাবে আকৌ বিজেপি জিকিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰি নৱনিযুক্ত সভাপতি ভূপেন বৰা, ৰাণা গোস্বামীয়ে ইয়াৰ বিৰুদ্ধে মতপোষণ কৰিছে বুলিও কয়৷





    পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অখিল গগৈক বহু ৰাজনৈতিক কথা-বাৰ্তাৰ বাবে জনোৱা নিমন্ত্ৰণ ৰক্ষা কৰি দুবাৰ গৈ আলোচনা কৰা বুলি কয়৷ মমতা বেনাৰ্জীয়ে তৃণমূলৰ অসম শাখা খুলি অখিল গগৈক সভাপতি হোৱাৰ প্ৰস্তাৱ দিয়াৰ কথাও উল্লেখ কৰে৷ “অৱশ্যে এতিয়ালৈ কোনো সিদ্ধান্তত উপনীত হোৱা নাই৷ সৰ্বভাৰতীয় পৰ্যায়ত সকলো বিৰোধী দল একত্ৰিত হ'ব, আঞ্চলিক দলসমূহ একত্ৰিত হ'ব যদিও আমি স্বতন্ত্ৰভাৱে থাকিব বিচাৰো বুলি মমতাক কৈছো৷’’ বুলি কয় অখিল গগৈয়ে।