নতুন দিল্লী: ট’কিঅ’ অলিম্পিকত অসমকন্যা লাভলীনা বৰগোহাঁই তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয় হয় যদিও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। ব্ৰঞ্জৰ পদকেৰে বিভূষিত হোৱা বৰপথাৰৰ জীয়ৰী লাভলীনাক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সুন্দৰ যুঁজ দিয়া বুলি টুইটযোগে প্ৰকাশ কৰিলে মোদীয়ে৷ লাভলীনাৰ সাফল্যই উৎসাহিত কৰিব বহু ভাৰতীয়ক৷ লাভলীনাৰ দৃঢ়তা প্ৰশংসনীয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
আনহাতে, লাভলীনাক অভিনন্দন জনায় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে৷ লাভলীনাক শুভেচ্ছা জনায় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ অলিম্পিকত পদকজয়ী প্ৰথম অসমীয়া লাভলীনা৷
লাভলীনাক অভিনন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ মেৰী কমৰ পাছত পদকজয়ী দ্বিতীয় ভাৰতীয় মহিলা বক্সাৰ৷ ট’কিঅ’ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক অৰ্জন কৰিলে৷ ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৰ্বিত কৰিলে লাভলীনাই৷
Leave A Comment