• লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

    আঞ্চলিক
    লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

    লামডিং: আজি লামডিং আৰু পাথৰখলা ৰে’ল ষ্টেচনৰ মাজত ৰে’লৱে ক্ৰছিং গেটৰ সমীপতে এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা লোকজনৰ মৃতদেহটো পৰি থকা অৱস্থাত দেখা পাই লামডিং ৰে’ল আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে৷

    আৰু পঢ়িব পাৰিব : শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ, কি আছিল আঁৰৰ কাৰণ?

    লামডিং ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো লামডিং আৰক্ষীয়ে কৰি থানালৈ লৈ যায়৷ মৃত লোকজনৰ বয়স প্ৰায় ৫০ বছৰ বুলি জানিব পৰা গৈছে৷

    আৰু পঢ়িব পাৰিব : চাঞ্চল্যকৰ : এদিনতে উদ্ধাৰ দুটা পৰিয়ালৰ ১০ জনৰ মৃতদেহ

    বৰ্তমান মৃত লোকজন চিনাক্ত হোৱা নাই আৰু পৰিয়ালৰ কোনো লোকৰো সন্ধান পোৱা নাই৷ নিশা ট্ৰেইনৰ খুন্দত মৃত্যু হৈছে বুলি লামডিং ৰে’লৱে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।