Regional
মৰিগাঁও : মৰিগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত থানাগড়া গাঁৱৰ দুগৰাকীকৈ কলেজীয়া ছাত্ৰী একেলগে নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সপ্তাহটোৰ পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়েও উলিয়াব পৰা নাই কোনোধৰণৰ সন্ধান। উল্লেখ্য যে, থানাগড়া গাঁৱৰ মিৰাজ আলীৰ কন্যা ইমৰানা খাতুন আৰু একেখন গাঁৱৰে উমনে হানি নামৰ দুগৰাকী ছাত্ৰী এসপ্তাহ আগৰে পৰা নিৰুদ্দেশ হৈ আছে৷
আৰু পঢ়িব পাৰিব : জৰুৰী অৱস্থা আছিল এটা ভুল পদক্ষেপ : ৰাহুল গান্ধী
জানিব পৰা মতে, ইমৰানা খাতুন লাহৰীঘাটৰ নগাবন্ধা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু ইমৰানাৰ বান্ধৱী মৰিগাঁৱত অধ্যয়নৰত কলেজীয়া ছাত্ৰী উমনে হানি। ২৩ ফেব্ৰুৱাৰীত ইমৰানাই কলেজলৈ যোৱাৰ সময়ৰেপৰা বান্ধৱী উমনেসহ আজিলৈকে নিৰুদ্দেশ হৈ আছে। কন্যাৰ সন্ধান নাপাই শোকত ভাঙি পৰিছে ইমৰানাৰ পিতৃ-মাতৃ।
আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন
ইফালে এই সন্দৰ্ভত ইমৰানাৰ মাতৃ মাইনা খাতুনে ২৬ ফেব্ৰুৱাৰীত মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিকোপতি আৰক্ষীয়েও কোনো সন্ধান দিব পৰা নাই ছাত্ৰী দুগৰাকীৰ।এতিয়া নিৰুপায় হৈ ইমৰানাৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে ছাত্ৰী দুগৰাকীৰ সন্ধান উলিওৱাত সহায় কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে৷
Leave A Comment