• লুণ্ঠনৰাজ! পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

    আঞ্চলিক
    লুণ্ঠনৰাজ! পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

    ডিমৌঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব’-বুলি সভাই-সমিতিয়ে যিমানেই কথাৰ ফুলজাৰি নামাৰক কিয়, ৰাজ্যজুৰি অব্যাহত আছে ভিন্নৰূপী দুৰ্নীতি! ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাৰিজাত গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পাৰিজাত গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডত দুবছৰৰ পূৰ্বে আবণ্টন পোৱা প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ১৩টাকৈ ঘৰ আজিও সম্পূৰ্ণ হৈ নুঠিল।





    দুখীয়া ৰাইজৰ বাবে চৰকাৰে আবণ্টন দিয়া আৱাসগৃহৰ ধনসমূহ পঞ্চায়ত প্ৰতিনিধিসকলে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে। দুবছৰৰ পূৰ্বে আবণ্টিত হিতাধীকাৰীৰ একাউণ্টৰ পৰা সম্পূৰ্ণ ধন হৰলুকী কৰে ৯নং ৱাৰ্ডৰ সদস্য নকুল তাঁতীয়ে। যাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।





    ৯নং ৱাৰ্ডৰ সদস্য নকুল তাঁতীয়ে আৱাসগৃহসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে হিতাধীকাৰীসকলৰ ঘৰৰ সন্মুখত মাত্ৰ দুখনকৈ টিনপাত লগাই হিতাধীকাৰীসকলৰ ফটো উঠাই পুনৰ টিনপাতসমূহ খুলি লৈ যায় আৰু ঘৰ সম্পূৰ্ণ হ’ল বুলি বিভাগীয় কাৰ্যালয়ত ফটো জমা কৰি সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, এনেবোৰ দুৰ্নীতি সংঘটিত কৰা বিজেপি দলৰ ৱাৰ্ড সদস্যজনৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে একেটা দলৰে বুথ কৰ্মী দীলিপ ভূমিজ। দীলিপ ভূমিজে ডিমৌ ৰাজহচক্ৰ বিষয়া আৰু ডিমৌ উন্নয়ন খণ্ড বিষয়াক উক্ত ঘটনাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰি দুখীয়া ৰাইজৰ ধন আত্মসাৎ কৰা ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।