হোজাইঃ হোজাইৰ পূব ধনীৰামপথাৰ গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তটোৰ কাৰ্যালয়গৃহ নিৰ্মাণৰ ভুৱা আচঁনি প্ৰস্তুত কৰি কোনোধৰণৰ গৃহ নিৰ্মাণ নকৰাকৈয়েই প্ৰায় ১৭ লাখৰো অধিক টকা আত্মসাতৰ অভিযোগ উঠিছে সচিব মনীষ দেৱনাথৰ বিৰুদ্ধে৷ চৌহদত মাটি পেলোৱাৰ নামতো লুটিছে লাখে লাখে টকা৷
এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ কেইবাটাখনো আঁচনি আবণ্টন কৰাই পুৰণি পঞ্চায়ত গৃহটোকেই প্ৰতিবাৰে মেৰামতি কৰি আৰু চূণ-তেল সানি আঁচনিৰ ধন আত্মসাৎ কৰি গৈছে সচিবগৰাকীয়ে৷
বিগত প্ৰায় দুবছৰ ধৰি পূব ধনীৰাম পথাৰ পঞ্চায়ততেই কাৰ্যনিৰ্বাহ কৰি আছে মনীষ দেৱনাথ নামৰ সচিবগৰাকীয়ে৷ অভিযোগ মতে পঞ্চায়তখনৰ ৰূপায়িত হ’বলগীয়া প্ৰতিখন আঁচনিতেই চলিছে সচিবগৰাকীৰ লুণ্ঠৰ হাতোৰা৷
Leave A Comment