• লেনদেনক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

    আঞ্চলিক
    লেনদেনক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

    ডবকা: ডবকাৰ নীলবাগানত ধনৰ লেনদেনক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে৷ মোৰাঝাৰৰ মহম্মদ মাৰুফক আক্ৰমণ কৰে ৭জনীয়া দুৰ্বৃত্তৰ দলে৷ এখন হোটেললৈ মাৰুফক মাতি নি আক্ৰমণ কৰে দুৰ্বৃত্তই৷





    এই সমগ্ৰ মাৰপিটৰ দৃশ্য বন্দী হৈছে হোটেলৰ চিচি টিভি কেমেৰাত৷ আক্ৰমণকাৰী ক্ৰমে মইদুল ইছলাম, জমিৰউদ্দিন, মুজাকিৰ ফইছল, ছাইদুৰ আলম বুলি চিনাক্ত কৰা হৈছে৷





    দুৰ্বৃত্তৰ দলটোৱে মাৰুফৰ পৰা ৬২ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তই পলায়ন কৰে৷