International
হাইলাকান্দি: হাইলাকান্দিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। লোৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে এজন লোকক। পৰিয়ালকেন্দ্ৰিক কন্দলৰ বাবে হত্যা কৰিলে নজৰুল আলম বৰভূঞা নামৰ এজন ব্যক্তিক। হাইলাকান্দি জিলাৰ বন্দুকমাৰা এলেকাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ। ঘটনাৰ বিৱৰণি অনুসৰি, নজৰুল আলমে স্থানীয় এটা জলাশয়ৰ পৰা মাছ মাৰি নিজ ঘৰলৈ উভতি আহি আছিল।
ঠিক সেই সময়তে পথত নজৰুল আলমৰ ওপৰত জপিয়াই পৰে আব্দুল্লা বৰভূঞা নামৰ এজন ব্যক্তি৷ জানিব পৰা মতে, আব্দুল্লা নজৰুলৰ সম্বন্ধীয় ভাতৃ৷ প্ৰাপ্ত তথ্য অনুসৰি, লোৰ ৰ’ডেৰে আব্দুল্লা বৰ ভূঞাই উপৰ্যুপৰি আক্ৰমণ চলায় নজৰুল ওপৰত৷ ফলত তেওঁ মূৰ আৰু ভৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
লগে-লগে তেওঁক হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মূৰৰ ভিতৰত অত্যধিক ৰক্তক্ষয় হোৱাৰ বাবে চিকিৎসালয়তে মৃত্যু হয় নজৰুলৰ। আনহাতে, হত্যাকাণ্ড সংঘটিত কৰাৰ পাছৰেপৰাই অভিযুক্ত আব্দুল্লা বৰভূঞা পলাতক অৱস্থাতে আছে। বৰ্তমানে হাইলাকান্দি আৰক্ষীয়ে অপৰাধীজনক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
Leave A Comment