• লোমহৰ্ষক হত্যাকাণ্ড : হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী পৰিয়ালৰ

    আঞ্চলিক

    বৰপেটা : ৰাজ্যত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড৷ বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাঘমাৰাচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গাঁওখনৰ মাহিদুল ইছলামে তেওঁৰ পত্নী ছানিয়াৰা খাতুনক নিশা মৰিয়াই মৰিয়াই হত্যা কৰি চীপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰে বুলি বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে অভিযোগ কৰিছে।

    প্ৰায় ডেৰ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা ছানিয়াৰা খাতুনক স্বামী মাহিদুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে বিভিন্ন সময়ত যৌতুক বিচাৰি অত্যাচাৰ কৰি আহিছিল। পুৱা ঘটনাটো পোহৰলৈ আহে যদিও হত্যাৰ অভিযোগ উঠা স্বামী আৰু তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্য পলাতক হৈ আছে।

    উল্লেখ্য যে, মৃত ছানিয়াৰা খাতুনৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে ঘৰৰ মজিয়াত তেজৰ চেকুৰা লাগি থকা পৰিলক্ষিত হৈছে। ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যায়। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Weather Forecast

    ASSAM WEATHER