Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটীঃ অম্বুবাচীৰ পাছতে শক্তিপীঠ কামাখ্যালৈ দূৰ-দূৰণিৰ পৰা ভক্তৰ সোঁত বৈছে। কৰ’নাৰ বাবে বৰ্তমানেও বন্ধ হৈ আছে শক্তিপীঠৰ মূল প্ৰৱেশদ্বাৰ। ‘মা’ৰ আশিস ল’বলৈ দূৰ-দূৰণিৰ ভক্তক ক’ভিডৰ নীতি-নিয়ম মানি মন্দিৰ দৰ্শনৰ সুযোগ প্ৰদান কৰিছে দলৈ সমাজে।
বৰ্তমান কামাখ্যা দৰ্শনৰ উদ্দেশ্যে অহা ভক্তই লগত আনিব লাগিব ক’ভিড নিগেটিভৰ প্ৰমাণ-পত্ৰ। দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোককো মন্দিৰ দৰ্শনৰ সুবিধা প্ৰদান কৰিছে কামাখ্যাৰ দলৈ সমাজে। কামাখ্যাত প্ৰতিদিনে সৃষ্টি হোৱা ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।
প্ৰতিদিনে সীমিত সংখ্যক ভক্তকহে কামাখ্যা পৰিচালনা সমিতিয়ে দিছে মন্দিৰ দৰ্শনৰ সুবিধা। মন্দিৰ দৰ্শন কৰিবলৈ সুযোগ পালেও বৰ্তমানেও সম্পূৰ্ণৰূপে বন্ধ শক্তিপীঠৰ মূল প্ৰৱেশদ্বাৰ।
Leave A Comment