• শহুৰৰ ঘৰলৈ গৈ সন্ধানহীন এজন: সন্ধান পালে খবৰ কৰক পৰিয়ালক

    আঞ্চলিক
    শহুৰৰ ঘৰলৈ গৈ সন্ধানহীন এজন: সন্ধান পালে খবৰ কৰক পৰিয়ালক

    ডিজিটেল ডেস্ক: প্ৰতিটো পৰিয়ালৰ বাবে ‘জোঁৱাই’ বৰ মৰমৰ। সাধাৰণতে এটি পৰিয়াললৈ জোঁৱাইৰ আগমন ঘটিলে সোধ-পোছ কিদৰে কৰা হয়, সেয়া হয়তো সকলোৰে জ্ঞাত! কিন্তু এইবাৰ শহুৰেকৰ ঘৰলৈ গৈ এজন লোক নিৰুদ্দিষ্ট হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।





    আমাৰ সাংবাদিকে জনোৱা অনুসৰি, নলবাৰীৰ আৰিকুছীৰ ৰতন কলিতা (৩০) নামৰ এজন লোকে শহুৰেকৰ ঘৰলৈ গৈয়ে উভতি নাহিল নিজৰ আপোন ঘৰখনলৈ। আৰিকুছীৰ ৰমেশ কলিতাৰ পুত্ৰ ৰতন আছিল মানসিকভাৱে দুৰ্বল৷ শনিবাৰে নলবাৰীৰ কটপুহা গাঁৱৰ শহুৰৰ ঘৰলৈ গৈছিল৷ তাৰ পাছৰে পৰা সম্ভদে নোহোৱা হৈছে ৰতনৰ।





    পৰিয়ালৰ সদস্যৰ ভাষ্য অনুসৰি, পিন্ধনত এখন গামোচা আছিল বুলি জানিবলৈ পোৱা গৈছে। ইফালে, শহুৰেকৰ ঘৰৰ পৰিয়ালে ৰতন ক’লৈ গৈছে সেই বিষয়ে অজ্ঞাত। বৰ্তমানলৈকে কোনোধৰণৰ সম্ভেদ পোৱা নাই নিৰুদ্দিষ্ট ৰতনৰ। সদাশয় ব্যক্তিয়ে তেওঁৰ সম্ভেদ পালে 86382-37402 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷