Regional
গুৱাহাটী: ৰাজ্যত শাৰদীয় দুৰ্গাপূজা, কালীপূজা তথা দীপাৱলীৰ আগমণৰ পূৰ্বে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সময়ছোৱাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুকেইটা জৰুৰী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ আগন্তুক দুৰ্গাপূজা তথা শাৰদীয় বতৰৰ উৎসৱক সামৰি এখন নতুন এছঅ’পি কাৰ্যকৰী কৰিছে। আজিৰ এক সংবাদমেলৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা জানিবলৈ দিয়ে৷
দুৰ্গাপূজা, কালীপূজা আদি অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনপৰাৰ আগতীয়াকৈ অনুমতি লোৱাৰ লগতে ক’ভিডবিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব।
(১) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব।
(২) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।
মাস্ক পৰিধান আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনাই এনেদৰে-
(১) দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক।
(২) পূজাস্থলী/মণ্ডপৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব আয়োজকে।
(৩) প্ৰতিদিনে দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধৰ পাছত আয়োজকে পূজাস্থলী/মণ্ডপ দুবাৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব।
Leave A Comment