• শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি আইড'লৰ : বিপদত প্রাক্তন সঞ্চালক

    আঞ্চলিক
    শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি আইড'লৰ : বিপদত প্রাক্তন সঞ্চালক

    গুৱাহাটী : বিপদত পৰিছে আইড'লৰ প্রাক্তন সঞ্চালক কন্দৰ্প দাস ৷ মুক্ত বিশ্ববিদ্যালয়ৰ ৪০ কোটি বিত্তীয় অনিয়মৰ মূল অভিযুক্ত কন্দৰ্প দাস৷ ২০১১ ৰ ২০১৬-১৭ লৈকে ইউ জি চিৰ অনুমোদন নকৰাকৈ ২১টা পাঠ্যক্রমৰ শিক্ষা আৰম্ভ কৰিছিল আইড'লে৷ য'ত ৭৪ হাজাৰ শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছিল শিক্ষা৷ ইউ জি চিৰ অনুমোদন নথকা হেতু এনে ডিগ্ৰী ডিপ্ল’মা পৰৱৰ্তী দিনত হৈ পৰিছিল অৰ্থহীন ।





    অবৈধ পাঠ্যক্রমৰ নামত ৪০ কোটিৰ অধিক বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈছে কন্দৰ্প দাসৰ বিৰুদ্ধে৷ অবৈধ পাঠ্যক্রমৰ বিভিন্ন শিক্ষণ সঁজুলি ক্ৰয় আদিত ব্যয় কৰিছিল ধন৷ এসময়ত প্ৰাক্তন ন্যায়াধীশ আফটাৱ হুছেইনৰ নেতৃত্বত অনুসন্ধান কমিটীয়ে ধৰা পেৰাইছিল কন্দৰ্প দাসৰ বহু অনিয়মৰ তথ্য৷ গোটেই কেলেংকাৰিত আইড'লৰ উপাচাৰ্যজনো সমানে জগৰীয়া বুলি প্ৰমাণিত হৈছিল৷ কমিটীৰ সমীক্ষাত অভিযোগ সঁচা প্ৰমাণিত হোৱাৰ পাছত ৰাজ্যপালক দাখিল কৰা হৈছিল প্ৰতিবেদন । প্ৰতিবেদনত আগবঢ়োৱা পৰামৰ্শৱলীৰ ভিত্তিতে সমগ্ৰ ঘটনাটো গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ এবাৰ নিজা তদন্ত কৰি নতুবা অনুসন্ধান শাখাত বা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তদাৰকী কোষৰ তদন্তৰ পোষকতা কৰিছিল৷ আফটাব কমিটীয়ে ৰাজ্যপালক মূল প্ৰতিবেদন দাখিল কৰি বিসংগতি সমস্ত তথ্যৰ লগতে দিছিল এনেবোৰ পৰামৰ্শৱলী- যিবোৰ কাৰ্যকৰী নোহোৱাত পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকে কমিটীৰ পৰামৰ্শ কাৰ্যকৰী নোহোৱাত সমালোচনাৰ সন্মুখীন হৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। বিশ্ববিদ্যালয়খনৰ নিজাববীয়া তদন্ত কাললে ধৰা পৰিল কন্দৰ্প দাসৰ জালিয়ালিৰ কেতবোৰ প্ৰমাণ৷ অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱা বিষয়া পল্লভ ভট্টাচাৰ্য নেতৃত্বত এজনীয়া কমিটীয়ে কৰিলে কেলেংকাৰীৰ সূক্ষ্ম অনুসন্ধান ৷ এমাহৰ ভিতৰত ভট্টাচাৰ্য কমিটীয়ে দাখিল কৰিব ইয়াৰ প্ৰতিবেদন৷ ১২ জুলাইত ভট্টাচাৰ্যৰ এমহীয়া তদন্ত প্ৰক্ৰিয়াৰ অন্ত পৰিব৷ সম্ভৱতঃ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ভট্টাচাৰ্য সমিতিয়ে আজি দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পক্ষৰ লগত বৈঠকত বহি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি খবৰ আহিছে৷