International
Digital Desk : Prime Minister Narendra Modi on Saturday arrived in Kuwait for a 2-day visit. His visit will strengthen the India-Kuwait friendship across various sectors. He thanked the Gulf country and expressed
গুৱাহাটী : কাহিলিপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক৷ আছু, আবছু, টিএমপিকে, আক্ৰাছু, আটছাকে ধৰি মুঠ ৩৪টা ছাত্ৰ সংগঠনৰ নেতৃত্ব তথা প্ৰতিনিধিৰে সৈতে বৈঠকত ভাগ লয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ নতুন শিক্ষাবৰ্ষ, নামভৰ্তিকে ধৰি অসমৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকখনত। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ সুকীয়া এছঅ'পি প্ৰকাশ কৰা সন্দৰ্ভতো হ'ব বিশেষ আলোচনা৷ ১৮টা মূল বিষয় আৰু ৬০ টা দাবীৰে শিক্ষামন্ত্ৰীৰ হাতত ৩৪ সংগঠনে উমৈহতীয়া স্মাৰকপত্ৰ দাখিল কৰে৷ আটাইকেইটা সংগঠনৰ হৈ আছুৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যই মূল বক্তব্য দাঙি ধৰে৷
স্মাৰকপত্ৰত শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈও আহ্বান জনায়। জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষাৰ প্ৰস্তাৱ দাঙি ধৰে সংগঠনকেইটাই। বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক বাধ্যতামূলকভাৱে নিয়ন্ত্ৰণ কৰাৰো দাবী উত্থাপন কৰা হয়৷ চৰকাৰী আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সকলো আধুনিক ব্যৱস্থাৰে চৰকাৰী শিক্ষা ব্যৱস্থাক গঢ় দিয়াৰ দাবী সংগঠনকেইটাৰ৷ যিবোৰ অঞ্চলত যি ভাষাৰ লোকে বাস কৰে, সেই অঞ্চলত সেই ভাষাতে বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা লোৱাৰো দাবী তেওঁলোকে উত্থাপন কৰে।
বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থাটো ফলপ্ৰসূ নহয় বুলি উল্লেখ কৰি বিশেষ অঞ্চলৰ কৃতি শিক্ষক, পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগে৷ পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সভাপতিয়ে বিদ্যালয়ৰ শৈক্ষিক দিশ চোৱাতো যুক্তিসংগত নহয় বুলি সংগঠনকেইাটাই প্ৰকাশ কৰে। বিদ্যালয় একত্ৰীকৰণক লৈ ওজৰ আপত্তি, একত্ৰীকৰণৰ সমস্যা নোহোৱা কৰিবলৈ ব্যৱস্থা কৰিব লাগে৷ আনহাতে, শ্বহীদৰ নামত, বিশিষ্ট নাগৰিকৰ নামত থকা আৰু ৫০বছৰ হৈ যোৱা শিক্ষানুষ্ঠান চলাই নিয়াৰ আহ্বানো জনোৱা হয়। খালী হ'বলগীয়া ২৫,০০০ পদ শীঘ্ৰে পূৰণ কৰাৰ আহ্বান সংগঠকেইটাৰ। পুৱাৰ শাখা, দিনৰ শাখা আৰু সন্ধিয়া শাখা খুলি হ'লেও সকলোকে উচ্চ শিক্ষা দিয়াৰ আহ্বান বৈঠকত জনোৱা হয়। বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান।
মহাবিদ্যালয়-বিশ্ববিদ্যালয়লৈ NAAC আহে, বিদ্যালয়সমূহতো ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা এক সমিতি গঠন কৰি মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিখন মাতৃভাষাৰ প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিকৰ পৰা খুলিব লাগে তথা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে বুলিও দাবী জনোৱা হয়। আন ভালেমান বিষয়ো এই বৈঠকত উত্থাপন কৰে সংগঠনকেইটাই। এই বিষয়সমূহৰ ভিতৰত আছে, শিক্ষক শিক্ষয়িত্ৰীক মধ্যাহ্ন ভোজনৰ বিষয়টোৰ পৰা আঁতৰাই ৰাখিব লাগে। বিদ্যালয়সমূহত স্থায়ী নিযুক্তি দিব লাগে। NCC, স্কাউট-গাইড আদি বাধ্যতামূলক কৰিব লাগে, সমৰকলাৰ শিক্ষা দিব লাগে।
মাতৃভাষাৰ বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিব লাগে। এইসমূহ বিদ্যালয় যাতে বঞ্চিত নহয়। মহাবিদ্যালয়সমূহৰ পদ পূৰণ কৰিব লাগে। নতুন নতুন বিষয় মহাবিদ্যালয়সমূহত আনিব লাগে। আসন বৃদ্ধি কৰিব লাগে, স্নাতকোত্তৰ স্তৰ মহাবিদ্যালয় সমূহত স্থাপন কৰিব লাগে। বিশ্ববিদ্যালয় সমূহক প্ৰথম পৰ্যায়ত ২০০ কোটি টকাকৈ প্ৰদান কৰিব লাগে। জনজাতীয় বিশ্ববিদ্যালয় সোণাপুৰত স্থাপন কৰাৰ আহ্বান। বীৰ ৰাঘব মৰাণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিব লাগে। প্ৰতিখন জিলাত ইঞ্জিনীয়াৰিং কলেজ খুলিব লাগে আৰু নতুন নতুন বিষয় আনিব লাগে, খালি পদ পূৰণ কৰিব লাগে। ITI ত নতুন পাঠ্যক্ৰম আৰু আধুনিক সৰঞ্জাম দিব লাগে। প্ৰতিখন জিলাত আইন মহাবিদ্যালয় কৰিব লাগে। প্ৰাদেশিকীকৰনৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ পৰিৱৰ্তনো দাবী কৰে সংগঠনকেইটাই। ভূগোল বুৰঞ্জীৰ লগতে পৰিৱেশ বিষয়কো গুৰুত্ব দিব লাগে বুলি দাবী কৰি ছেবা আৰু AHSEC এ নম্বৰ দিয়াৰ ব্যৱস্থাটো সলনি কৰিব লাগে বুলি সংগঠনকেইটাই দাবী কৰে।
Leave A Comment