Entertainment
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, ১ লাখ নতুন চাকৰিৰ ভিতৰত স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত বিশেষকৈ টেকনিকেল বিভাগৰ ৮,৮৫৫টা পদ কেবিনেটে মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আগন্তুক ছেপ্টেম্বৰৰ ভিতৰত বাছনিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰে। সংবাদমেলত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগৰ ৫২, ৫০০পদ অনুমোদন দিয়া হৈছে। আগন্তুক ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও উল্লেখ কৰে। যুৱকসকলক গাড়ীচালকৰ প্ৰশিক্ষণ দিয়া হ’ব। প্ৰশিক্ষণৰ পাছত তেওঁলোকক লাইচেন্স দিয়া হ’ব বুলিও কেবিনেটতত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
নিবনুৱা সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলত সদৰী কৰে। গাড়ীচালকৰ প্ৰশিক্ষণ লৈ উঠা যুৱকে বাণিজ্যিক বাহন কিনিলে ১লাখ টকা ৰাজসাহায্য হিচাপে প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি লালুং সকলৰ নামটো তিৱা বুলি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাব কেন্দ্ৰীয় চৰকাৰক।
Leave A Comment