• শিলচৰ দখল কৰাৰ চেষ্টা বহি:ৰাজ্যৰ কিন্নৰ বৃহৎ দলৰ !

    আঞ্চলিক
    শিলচৰ দখল কৰাৰ চেষ্টা বহি:ৰাজ্যৰ কিন্নৰ বৃহৎ দলৰ !

    শিলচৰ : অসম-মিজোৰাম সীমান্তত দখল লৈ বৰ্তমানেও উত্তপ্ত বৰাক উপত্যকা। তাৰ মাজতে দেও আৰু সোমবাৰে শিলচৰ চহৰত বহি:ৰাজ্যৰ পৰা কিন্নৰ এটা বৃহৎ দল উপস্থিত হৈ শিলচৰ চহৰ দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।





    এই সম্ভেদ লাভ কৰি উজনি আৰু নামনি অসম পৰা এটা কিন্নৰ দল শিলচৰত উপস্থিত হয়। কেইদিনমান পূৰ্বে চহৰৰ দখল লৈ শিলচৰত স্থানীয় আৰু বহিঃৰাজ্যৰ কিন্নৰ মাজতে তুমুল কাজিয়া হৈছিল। ইয়াৰ প্ৰতিশোধ লোৱাৰ কাৰণে দেওবাৰে বহিঃ ৰাজ্যৰ পৰা প্ৰায় ৭০জন কিন্নৰৰ এটা বৃহৎ দল শিলচৰ চহৰত প্ৰৱেশ কৰে। খবৰটো পোৱাৰ পাছত সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক কিন্নৰদাল চহৰখনত উপস্থিত হয়। বহিঃৰাজ্যৰ কিন্নৰৰ দলে সোমবাৰে শিলচৰ চহৰৰ বিভিন্ন স্থানত স্থানীয় কিন্নৰৰ উপৰত আক্ৰমণৰ চেষ্টা চলায় বুলি অভিযোগ উঠিছে।





    ইয়াৰ পাছতে স্থায়ী কিন্নৰসকলে সোমবাৰে আবেলি শিলচৰ সদৰ আৰক্ষী থানাত উপস্থিত হয় আৰু তেওঁলোকৰ সুৰক্ষাৰ দাবী জনায়। তেওঁলোকে কয় যে, কেৱল বাহিৰৰ ৰাজ্যৰ পৰা নহয়, বাংলাদেশৰ পৰাও আহিছে বহু কিন্নৰ আহিছে । তেওঁলোকে স্থানীয় কিন্নৰসকলক চহৰৰ পৰা বাহিৰ কৰি চহৰখন দখল কৰিব বিচাৰে। স্থানীয় প্ৰশাসন আৰু ৰাজ্য চৰকাৰ উপযুক্ত ব্যৱস্থা লবলৈ দাবী জনালে অসমৰ কিন্নৰসকলে ।