• শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান

    আঞ্চলিক
    শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান

    গুৱাহাটী : নৃত্য-অভিনয়েৰে দৰ্শকৰ মাজত সু-পৰিচিত হৈ পৰা এটা নাম শৰ্মিষ্ঠা শৰ্মা৷ অসমৰ সাংস্কৃতিক জগতক শিল্পকলাৰে মুগ্ধ কৰা শৰ্মিষ্ঠা আক্ৰান্ত হৈছে এটা দুৰাৰোগ্য ৰোগত৷ অসমৰ অপেছাদাৰী নাট্যজগতৰ এটি চিনাকি নাম শৰ্মিষ্ঠা। নৃত্য-অভিনয়ৰে মুগ্ধ কৰি আহিছে দৰ্শকৰ হৃদয়।





    আৰু পঢ়িব পাৰিব : ৰাজ্যত নিৰ্বাচনকেন্দ্ৰীক হিংসা ! প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ, মৃত্যু এজনৰ





    এই শিল্পী প্ৰতিভাত হেঙাৰ হৈ পৰিছে এতিয়া এই ৰোগটোৱে৷ শৰ্মিষ্ঠাৰ যকৃৎ সংৰোপনৰ ব্যয়বহুল চিকিৎসাৰ বাবে লাগে সহায়ৰ হাত। এধানি সহায়ে জীৱনদান কৰিব শৰ্মিষ্ঠাৰ। জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰৰ পৰা আৰম্ভ কৰি বহুলোকে শিল্পীগৰাকীক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছে৷





    আৰু পঢ়িব পাৰিব : মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক আক্ৰমণ! আটক ১





    ইতিমধ্যে বহুকেইজনে আগবঢ়াইছে সহায়ৰ হাত৷ ৪৫বছৰীয়া শিল্পীগৰাকী যোৰহাটৰ এখন ভিতৰুৱা গাঁৱৰ৷ তেওঁ বৰ্তমান হায়দৰাবাদৰ Asian Institute of Gastroenterology (AIG)ত চিকিৎসাধীন হৈ আছে৷ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজন এক বৃহৎ অংকৰ ধনৰ৷ সহৃদয় লোকে শিল্পীগৰাকীক সহায় কৰি তেওঁক জীৱনদান কৰিবলৈ আহ্বান শিল্পীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰো৷





    Account no : 07531460000213, IFSC code : HDFC0000753, accound holder name : Sarwari Sarma





    To pay via Paytm (for Android users only) - https://milaap.org/fundraisers/support-sharmishta-sarma/deeplink?deeplink_type=paytm